মই যুঁজিম
এজাক ধুমুহাৰ সৈতে
কিয় বাৰু সিহঁতে কাঢ়ি নিব খোজে
এজাক ধুমুহাৰ সৈতে
কিয় বাৰু সিহঁতে কাঢ়ি নিব খোজে
মোৰ বুকুত
আলফুলে সজাই ৰখা
সপোনৰ কোঠালিটো !
আলফুলে সজাই ৰখা
সপোনৰ কোঠালিটো !
সেই ঠাইত তুমি খোজ নিদিবা
শেলাই পৰিছে
সেউজিয়াবোৰো শুকাব লাগিছে !
শেলাই পৰিছে
সেউজিয়াবোৰো শুকাব লাগিছে !
উদং উদং চৌপাশ
মই ভাবো
সেই পাবত গজা কথাবোৰ –
তোমাৰ সপোনত মই
মোৰ সপোনত তুমি
দুচকু মেলিলেই মৰুভূমি !
মই ভাবো
সেই পাবত গজা কথাবোৰ –
তোমাৰ সপোনত মই
মোৰ সপোনত তুমি
দুচকু মেলিলেই মৰুভূমি !