0 00 1 min 4 yrs 186
 সঘনাই অসম আৰু নাগালেণ্ডৰ মাজত চলি থকা ভূমি সমস্যাৰ বাবে ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজত  আন্তৰিকতা কিছু কমা যেন পৰিলক্ষিত হয় যদিও তেনে সময়তে নগালেণ্ডৰ পৰা আহি  কিছু হৃদয়বান যুৱকে বোকাখাত কাজিৰঙা অঞ্চলৰ বানাক্ৰান্ত লোকক বান সাহায্য বিতৰণ কৰি পাহাৰ ভৈয়ামৰ মাজত ভাতৃত্ববোধৰ চানেকি দাঙি ধৰিলে। বান পানী শুকাই যোৱাৰ পাছত বান শিবিৰৰ পৰা বানাক্ৰান্তই নিজৰ সপোনৰ ঘৰখনলৈ ঘুৰি গৈছে যদিও ঘৰখন পুনৰ মেৰামতি কৰি বসবাসৰ উপযোগী কৰাত ব্যস্ত হৈ পৰিছে। যাৰ ফলত পৰিয়াল পালনৰ বাবে কোনো জীৱিকাৰ সন্ধানত ওলাই যাবলৈ সক্ষম হোৱা নাই। আজি নগাভূমিৰ নাগিনী জানৰ পৰা কেইজনমান সুহৃদয়ৱান যুৱকে চাউল, দালি, বিস্কুট, চাবোন, ফেনাইলৰ লগতে বহুতো আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় শতাধিক পৰিয়ালক। নগাভূমিৰ যুৱকৰ দলটোয়ে বিতৰণ কৰা সামগ্ৰী সমূহে বানাক্ৰান্ত পৰিয়াল সমূহক কিছু পৰিমানে হ’লেও পৰিয়াল পালনত সকাহ দিব পাৰিব আৰু পাহাৰ ভৈয়ামৰ এনাজৰী অটুট ৰাখিবলৈ সক্ষম হ’ব।
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *