0 00 5 yrs 193
মদৰ ৰাগিত মাতালহৈ পুত্ৰই কামুৰি অাহত কৰিলে বৃদ্ধ পিতৃক। আহত বৃদ্ধ জনৰ নাম ৰামেশ্বৰ কলিতা। ঘৰ বোকাখাত কুৰুৱাবাহী পৰঙনীয়াত। ১৯৬২ চনতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যোগদান কৰা কলিতাই বৰ্তমানলৈকে দলৰ হৈ সেৱা আগবঢ়াই আহিছিল। শনিবাৰে ৰাতি মদাহী পুত্ৰ দিবাকৰ ওৰফে চিং কলিতাই মদৰ ৰাগিত মাতাল হৈ বৃদ্ধ পিতাকৰ লগত কাজিয়াত লৃপ্ত হয়। নিজ পিতৃক মদাহী পুত্ৰ দিবাকৰে লাঠিৰে মাৰ পিত কৰাৰ উপৰিও বৃদ্ধ পিতাকৰ শৰীৰৰ  বিভিন্ন অংশত কামুৰি বেয়াকৈ জখম কৰে। স্থানীয় গাওঁৰক্ষী বাহিনী আৰু ৰাইজে মাতাল পুত্ৰৰ হাতৰ পৰা বৃদ্ধ পিতাকক উদ্ধাৰ কৰি বোকাখাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মদাহী দিবাকৰক আটক কৰাৰ লগতে আহত ৰামেশ্বৰ কলিতাক বোকাখাত ছহিদ কমলামিৰি অসাময়িক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহন কৰে। দিন ৰাতি মদৰ ৰাগিত মাতাল হৈ থকা দিবাকৰ কলিতাই সদায়ে এনে ধৰণৰ অত্যাচাৰ কৰে বুলি  পিতৃয়ে জানিব দিয়ে।
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *