তোমাৰ কবিতাবোৰে
মোৰ হিয়াত খলকনি তুলিব ধৰিছে ৷
শব্দৰ পাপৰিবোৰ খিচৰিত হৈ পৰিছে বুকুৰ বাহিৰে ভিতৰে ৷
মোৰ নিশাহত বিয়পি পৰিছে সেই সুবাস ৷
কবিতাবোৰে মোক সপোন দিয়ে….
কবিতাবোৰে মোক মোক হেঁপাহ দিয়ে
দিয়ে জীৱনৰ প্রকৃত অৰ্থ ৷
উপলদ্ধি কৰাই মই আৰু
মোৰ অস্তিত্বক ৷
কবিতাবোৰে মোক স্পৰ্শ দিয়ে
মোক ভালপোৱা দিয়ে
মোক যন্ত্রণাও দিয়ে ৷
লাহে লাহে মই তোমাৰ কবিতাৰ গভীৰভাবে
প্রেমত পৰো ৷
মই উন্মনা হৈ পৰো..
মই ব্যাকুল হৈ পৰো..
মই কাতৰ হৈ পৰো..
তোমাৰ কবিতাৰ প্রেমত ৷
তোমাৰ কবিতাই কেতিয়াবা মোক দহন কৰে ৷
কেতিয়াবা পিষ্ট কৰে ৷
কেতিয়াবা আমেজত ডুবাই ৷
কিন্তু তোমাৰ কবিতাই বাৰে বাৰে মোক প্রেমত পেলায় ৷
তোমাৰ কবিতাই লৈ যাই মোক দুৰ অতিতত এৰি অহা
মোৰ স্মৃতিৰ পথাৰখনলৈ ৷
আঃ ইমান বিষাদময় সেই পথাৰৰ বতাহ ?
মই উশাহ লব নোৱাৰা হৈ পৰো ৷
একেই আছে সেই পথাৰ
একেই সেমেকা জোনাক …
একেই উকা চৌপাশ ৷
মই স্মৃতিকাতৰ হৈ পৰো ৷
মই উচুপি উচুপি কান্দো ৷
তেতিয়ায়ে তোমাৰ কবিতাবোৰে দুবাহুৰে সাৱতি মোক লৈ আহে
বৰ্তমানৰ পৃথিবীলৈ ৷
মই সুখি হৈ পৰো
কবিতাৰ সান্নিধ্যত..
কবিতাৰ উমত..
কবিতাৰ স্নেহত ৷
ইমান মধুৰ তোমাৰ কবিতাৰ শব্দ ?
ইমান মিঠা তোমাৰ কবিতাৰ সুৱাস?
ইমান গভীৰ তোমাৰ কবিতাৰ অৰ্থ?
লাহে লাহে মই তোমাৰ ???
নহয় নহয় তোমাৰ কবিতাৰ প্রেমত পৰিছো
শব্দৰ পাপৰিবোৰ খিচৰিত হৈ পৰিছে বুকুৰ বাহিৰে ভিতৰে ৷
মোৰ নিশাহত বিয়পি পৰিছে সেই সুবাস ৷
কবিতাবোৰে মোক সপোন দিয়ে….
কবিতাবোৰে মোক মোক হেঁপাহ দিয়ে
দিয়ে জীৱনৰ প্রকৃত অৰ্থ ৷
উপলদ্ধি কৰাই মই আৰু
মোৰ অস্তিত্বক ৷
কবিতাবোৰে মোক স্পৰ্শ দিয়ে
মোক ভালপোৱা দিয়ে
মোক যন্ত্রণাও দিয়ে ৷
লাহে লাহে মই তোমাৰ কবিতাৰ গভীৰভাবে
প্রেমত পৰো ৷
মই উন্মনা হৈ পৰো..
মই ব্যাকুল হৈ পৰো..
মই কাতৰ হৈ পৰো..
তোমাৰ কবিতাৰ প্রেমত ৷
তোমাৰ কবিতাই কেতিয়াবা মোক দহন কৰে ৷
কেতিয়াবা পিষ্ট কৰে ৷
কেতিয়াবা আমেজত ডুবাই ৷
কিন্তু তোমাৰ কবিতাই বাৰে বাৰে মোক প্রেমত পেলায় ৷
তোমাৰ কবিতাই লৈ যাই মোক দুৰ অতিতত এৰি অহা
মোৰ স্মৃতিৰ পথাৰখনলৈ ৷
আঃ ইমান বিষাদময় সেই পথাৰৰ বতাহ ?
মই উশাহ লব নোৱাৰা হৈ পৰো ৷
একেই আছে সেই পথাৰ
একেই সেমেকা জোনাক …
একেই উকা চৌপাশ ৷
মই স্মৃতিকাতৰ হৈ পৰো ৷
মই উচুপি উচুপি কান্দো ৷
তেতিয়ায়ে তোমাৰ কবিতাবোৰে দুবাহুৰে সাৱতি মোক লৈ আহে
বৰ্তমানৰ পৃথিবীলৈ ৷
মই সুখি হৈ পৰো
কবিতাৰ সান্নিধ্যত..
কবিতাৰ উমত..
কবিতাৰ স্নেহত ৷
ইমান মধুৰ তোমাৰ কবিতাৰ শব্দ ?
ইমান মিঠা তোমাৰ কবিতাৰ সুৱাস?
ইমান গভীৰ তোমাৰ কবিতাৰ অৰ্থ?
লাহে লাহে মই তোমাৰ ???
নহয় নহয় তোমাৰ কবিতাৰ প্রেমত পৰিছো