0 00 3 yrs 140

নাজানো মই তোমাৰ ঠিকনা

নুসুধিবা মোক
কেনেকৈ চিনি পালো 
তোমাৰ হৃদয়ৰ দুৱাৰ
জানো মাথো 
গভীৰৰ পৰা গভীৰলৈ
সোমাই চুই চাইছো তোমাক
তোমাৰ নিশাহত
মিলাই দিছো মোৰ উশাহ
নুসুধিবা মোক
মই নাজানো তোমাৰ ঠিকনা
মই মই হৈ থকাৰ দিনতে
কোনোবা দিনা
হিয়া বিনিময় কৰা হাটখনত
দেখিলো তোমাৰ
এধানি হিয়াৰ অকণি দোকান
মোৰ সমস্ত অনুভৱ দি
মোৰ কৰি ললো তোমাক
কিহৰ আবেশত নাজানো
চকু মুদি সুখ দুখ ভগাই থাকোতে
নুসুধিলো কোনোদিন তোমাৰ ঠিকনা
সেয়েহে নুসুধিবা মোক
নাজানো মই ।
জানো মাথো 
হিয়াৰ চিনাকিতে হেৰুৱালো
মই মোৰো ঠিকনা
পংকিল দুৰ্গম বাটবোৰত
দিন ৰাতি বাট বোলোতে
তুমিয়েই শুনাইছিলা বুকুৰ শব্দ
খোজে প্ৰতি মিলাইছিলা 
ছন্দতেই ছন্দ
তেতিয়াই হৃদয়ৰ ঘৰ্ষণত
হেৰাই গৈছিল মোৰ ঠিকনা
আজি 
নুসুধিবা মোক
নাজানো মই তোমাৰ ঠিকনা
জানো মাথো
তুমিয়েই মোৰ 
কেৱল তুমিয়েই মোৰ
শেষ ঠিকনা।

Leave a Reply

Your email address will not be published.