
তেওঁ আকাশবাণী আৰু দূৰদৰ্শনৰ নিচেই চিনাকি আৰু শক্তিশালী কণ্ঠ, টেলিভিছন সাংবাদিকতাৰ অন্যতম বাটকটীয়া আছিল ।সামাজিক আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত দীপক কুমাৰ বৰঠাকুৰ ডাঙৰীয়াই যি অৱদান আগবঢ়াই গৈছে সেয়া আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। আজি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে মহান সমাজ হিতৈষীগৰাকীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। তেখেতৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ।