0 00 1 min 6 yrs 206

এটা ল’ৰা আৰু এজনী ছোৱালীৰ মাজত এক গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । লৰাটোৱে ছোৱালীজনীক নিজৰ জীৱনটোতকৈয়ো বেছি ভাল পাইছিল আৰু তাইক সকলোতকৈ বেছি গুৰুত্ব দিবলৈ ধৰিছিল  । মুঠতে খোৱা বোৱা পঢ়া শুনা সকলোবোৰতেই care লৈছিল  কিন্ত এটা কথা মন কৰিব লগীয়া যে যেতিয়াই আপুনি কাৰোবাক বেছি গুৰুত্ব দিব তেতিয়াই তেওঁৰ ওচৰত আপোনাৰ গুৰুত্ব একবাৰে হেৰাই যাব । এই লৰাটোৰো একেই অৱস্থা হ ল । সেয়ে দুৰ্গা মাৰ শপত , আঠখেলীয়া শপত দেওপানী শপত আৰু কত যে কি শপত খাই ভাল পাও বুলি কোৱাৰ পিছতো এদিন এৰি গৈছিল আনৰ মৰম বিছাৰি । কোনোদিন এৰি নাযাও বুলিও শপত খাই থোৱা ছোৱালীজনীয়ে পাহৰি গৈছিল সঁচা ভাল পোৱাৰ সজ্ঞা । সেয়ে চাগে লৰাটোৰ কাতৰ অনুৰোধ আহ্বান তথা বিননিয়েও গলাব নোৱাৰিছিল তাইৰ শিলৰ দৰে কঠোৱা হ্দয় খন । ইমানেই নহয় মিছাতে ভূল বুজি আতৰি নাযাবা বুলি সি তাইৰ ভৰিটো ধৰিছিল
তথাপিও নগলিল তাইৰ হৃদয় ।
লৰাটোৱে সিদিনা ভালকৈয়ে বুজিছিল যে এই এই পৃথিৱীত সঁচা ভালপোৱা বুলি একো বস্তুৱেই নাই । সঁচা মৰম ভালপোৱা বুলিও একো বস্তু নাই । আছে যদি সেয়া মাথোঁ প্ৰতাৰণা । আনহাতে দুনিয়াত সহজ সৰল মদপানী নোখোৱা  মানুহৰ বাবে বিশেষ গুৰুত্ব অথবা স্থান নাই । 
মনৰ বেজাৰত লৰাটো ইমানেই ভাগি পৰিছিল যে বহুদিনলৈ ভালদৰে ভাত পানী খাব পৰা নাছিল । কাম বন সকলোবোৰ এৰি দিছিল । বন্ধু বান্ধৱৰ লগত কথা বতৰা পাতিবলৈ এৰি দিছিল । হৃদয়ত লৈ ফুৰিছিল মাথো তাইৰ ছবিখন ।


এতিয়া প্ৰশ্ন হল তেওঁলোকৰ মাজত কেনেকৈ Break up হবলৈ পালে ???


প্ৰথম অৱস্থাত লৰাজনে এই বিচ্ছেদৰ কোনো কাৰণ বিছাৰি পোৱা নাছিল কিয়নো সি এনে কোনো জগৰ অথবা ভূল কৰা নাছিল যে যাৰবাবে তেওঁৰ জীৱনলৈ এনেকুৱা ধুমুহা নামি আহিব । সেয়েহে তেওঁৰ ভূল কি দেখুৱাই দিবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল  ছোৱালীজনীক । কিন্ত ছোৱালীজনীয়ে লৰাটোৰ কথাৰ কোনো উত্তৰ দিয়া নাছিল । তেতিয়া তেওঁ মাটিত বাগৰি বাগৰি কান্দিছিল আৰু শান্তনা দিবলৈ ওচৰত কোনো নাছিল । তেওঁৰ ভূল কত ??? প্ৰকৃততে কাৰ ভূল ? লৰাটোৰনে ছোৱালীজনীৰ ?? দূৰগা মাৰ শপত খাই কোনোদিনে এৰি নাযাও বুলি কোৱা ছোৱালীজনীয়ে কিয় এনে কৰিলে ? কিয় নিৰাশ কৰিলে আশাবোৰ আৰু কিয় পাহৰি  গ’ল প্ৰতিশ্ৰুতিবোৰ ??? আপুনি জানিব বিছাৰেনে ?????
ইয়াৰ মূলতেই হ’ল ভূল বুজাবুজি । 


যি ভালপোৱাত বুজাবুজি নাই , বিশ্বাস নাই , আন্তৰিকতা নাই থাকে মাথো অৱহেলা সেয়া বাৰু কেনেকুৱা ভালপোৱা আপুনি জানেনে ???


লৰাজনে ছোৱালীজনীক প্ৰায়বোৰ কথাই উপদেশমূলক কথা কৈছিল । মবাইল ফুনৰ অপকাৰিতাৰ কথা বুজাইছিল আৰু কমকৈ ব্যবহাৰ কৰিবলৈ কৈছিল । আৰু এটা মুহূৰ্তৱো অবাবত নষ্ট নকৰিবলৈ কৈছিল ।


WhatsApp Facebook এইবোৰ বেছিকৈ ৱ্যৱহাৰ নকৰিবলৈ কৈছিল । ছোৱালীজনীয়ে কথাবোৰ এখন কানে শুনি আনখন কানে উলিয়াই দিছিল কিয়নো তাইৰ বাবে এই কথাবোৰ তিতা কেৰেলাৰ দৰে তিতা আছিল ।
আৰু ঘণ্টা ঘণ্টা হোৱাটচএপত অনলাইন হৈ থাকিছিল ।
আৰু এনেদৰে ঘণ্টা ঘণ্টা অনলাইন দেখিলে তাৰ বেয়া লাগিছিল ।
কিয়নো লৰাজনে বিছৰা নাছিল যে তেও ভালপোৱা ছোৱালীজনীয়ে WhatsApp Facebook ত লাগি জীৱনৰ অমূল্য সময়বোৰ পাৰ কৰক । তেওঁ বিছাৰিছিল যে ছোৱালীজনীয়ে অবাবত সময়বোৰ নষ্ট কৰাৰ সলনি কিবা কিতাপ এখনকে পঢ়ক নাইবা কিবা বেলেগ কাম কৰক কিন্তু অনবৰতে মবাইলত লাগি থকাটো তেও মুঠেই সহিব পৰা নাছিল আৰু ইয়াৰপৰাই তেওঁলোকৰ মাজত মনোমালিন্য হবলৈ ধৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *