0 00 1 min 4 yrs 184
সাৰ পাম মই পুঁ‌ৱতি নিশাতে,
           নিয়ৰ যেতিয়া সৰে …
ৰাণাদাৰ ধাৰণা এয়ে যে
  ” সুৰ মই ভাল পাওঁ‌। উৎস কি বা ক’ত মই নিজেই নাজানোঁ‌। কাৰণ পৃথিৱী খনেই সুৰৰ তৰঙ্গৰে ভৰপূৰ।” এই বাবেই চাগে লক্ষ অনুৰাগীৰ বুকুত ‘জয়ন্ত সঙ্গীত’ সাগৰৰ দৰে সঙ্গমিত!
    চমুকৈ কওঁতে , সাধাৰণ জনৰ দৰে ৰাণাদাৰ পৰিয়ালতোঁ‌ আৰ্থিক অনাটনৰ বিষাদে জুৰুলা কৰিছিল। ৰাণাদাই হাৰ মনা নাছিল কাৰণ মনীষা বাইদেউৰ উদ্দীপনাই ৰাণাদাৰ সুৰৰ পৃথিৱীত জেউতি দিছিল। ৰাণাদাই প্ৰথম নেপথ্যৰ কণ্ঠদান কৰিছিল কথাছবি ‘মণিৰাম দেৱান’ত। পশ্চিমবংগৰ শ্যামল মিত্ৰৰ সহযোগত ৰাণাদাই সৃষ্টি কৰে জনপ্ৰিয় গোৱালপৰীয়া লোকগীত ‘ সোণাৰ বৰণ পাখি’। ভূপেনদাৰ সৈতে ৰাণাদাই সহকাৰী সংগীত পৰিচালনাৰে ‘জীৱনটো যদি অভিনয় হয়-লটিঘটি আৰু মৃত্যু সাবটি সমাধি তলিত অকলে আছোহি শুই- চিকমিক বিজুলিত কণ্ঠদান কৰে। স্মৰণীয় কথাটো এয়ে যে মনীষা বাইদেউৰ সৈতে দ্বৈত কণ্ঠ দিয়াৰ ওপৰিও দুয়োৰে অভিনীত প্ৰথম চলচ্চিত্ৰ ” লটিঘটি”।
  কম সময়তে আমাক সুৰৰ সংগ্ৰামী জীৱন এটা উপহাৰ দিয়া মহান শিল্পী জনৰ ওপজা দিনটো সহস্ৰ শিল্পীৰ সুখময় ক্ষণ। ৰাণা দা ওপজা দিনৰ ওলগ জনালোঁ।
অনুপ অসমীয়া, তেজপুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *