0 00 1 min 5 yrs 119
      ভাৰতৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেইটলিৰ ৬৬ বছৰ বয়সত AIIMS ত চিকিৎসাধীন হৈ থকাৰ সময়ত আজি দিনৰ ১২.০৭ বজাত দেহাৱসান ঘটে । উল্লেখযোগ্য যে ৯ আগষ্টৰ দিনা প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীক AIIMSত ভৰ্তি কৰোৱা হৈছিল । তেওঁৰ মৃত্যুত প্ৰধান মন্ত্ৰী মোডীকে আদি কৰি আন বহুতো শীৰ্ষ নেতাই শোক প্ৰকাশ কৰে । জেইটলি ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰিয় সদস্য আছিল । বিত্তমন্ত্ৰী হিচাপে তেখেতৰ কাৰ্যকাল ২৬ মে ২০১৪ পৰা ৩০ মে ২০১৯ লৈকে আছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *