0 00 1 min 6 yrs 213

এই কাহিনীটোৰ ল’ৰা জনৰ নাম হ’ল ৰাজা। কাহিনীটোত
মই তাৰ নামটো কৈ কথা নাই। মই বুলিয়ে কৈছো।
এতিয়া আৰম্ভ কৰো।।
মই তেতিয়া স্নাতক  তৃতীয় বৰ্ষৰ ছাত্ৰ আছিলো। মোৰ আৰ্থিক অৱস্হা বৰ উন্নত নহয়।
সেয়েহে টাউনৰ এজন সম্পৰ্কীয় বৰদেউতাৰ ঘৰতে থাকি পঢ়াৰ সিদ্ধান্ত ল’লো। ৫ম ষান্মাষিকত থাকোতেই এজনী ছোৱালীৰ প্ৰেমত পৰিলো । কিন্ত তাইক কথাবোৰ কব পৰা নাছিলো। তাইৰ লগত চিনাকী হৈ লাহে লাহে বহু সময় ধৰি কথা পাতিবলৈ ল’লো। কথা পাতো যদিও মই তাইক প্ৰেমৰ বিষয়ে ক’বলৈ সুবিধাই নাপাওঁ। কেতিয়াবা কথাবোৰ ক’বলৈ ল’লেও তাই বেলেগ কিবা কিবি কথা কৈ সেই বিষয়টোৰ পৰা আতৰি যাবলৈ লয়। সেয়েহে মই কেনেকৈ তাইক এই বিষয়ে কম ভাবি একো উপায় পোৱা নাই।  তাইৰ অবিহনে  জীৱনটো আধৰুৱা হৈ পৰিব যেন মোৰ ভাব হ’বলৈ ধৰিছে। এনেকৈয়ে পৰীক্ষাৰ সময় ওচৰ চাপিল । সেয়ে পৰীক্ষাৰ প্ৰস্ততিৰ বাবে ব্যস্ত হৈ পৰিলো। ভাবিলো পৰীক্ষাৰ শেষৰ দিনাই লগ কৰি সকলো কম। কিন্ত সেই দিনাও কোৱা নহ’ল। অৱশেষত ৰিজাল্টো দিলে। মোতকৈ তাইৰ ৰিজাল্ট বেছি ভাল হ’ল। মোৰ মনটো বেয়া লাগিল সেয়ে সেইদিনা তাইৰ ফোন ৰিচিভ নকৰি শুই থাকিলো। পিছদিনা কলেজত লগ পালো। ফোন ৰিচিভ নকৰাৰ কথা সোধাত ফোনটো চাইলেন্ট হৈ থকা বুলি ক’লো , তাইয়ো একো নকলে।  মোৰ মনটো কিয় বেয়া হৈ আছে সেইটোহে সুধিলে। মই ভাবিলো আজিয়েই সুযোগটো পাওতেই   মনৰ কথাবোৰ কৈ দিও। তাইক ক’লো সেইবোৰ বাদ দিয়া তোমাক  মোৰ কথা অলপ কবলগীয়া আছে । তাইয়ো শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। অলপ সময় মই নিৰৱ হৈ ৰ’লো । তাৰ পিছত মোৰ মনৰ কথাবোৰ কেনেকৈ মুখৰপৰা উলাই গ’ল  মই গমেই নাপালো। তাই একো নকয় মনে মনে মোৰ কাষৰ পৰা আতৰি গুছি গ’ল। ৰাতি কল কৰি গম পালো যে তাইৰ মোৰ কথাখিনিত মান্তি হ’ল । তেতিয়াৰ পৰাই আমাৰ মাজত প্ৰেমৰ সু- সম্পৰ্ক এটি  গঢ়ি উঠিল।
এনেকৈয়ে চুড়ান্ত পৰীক্ষাৰ সময় আহি পালেহি । আকৌ পঢ়াত ব্যস্ত হ’লো। চুড়ান্ত পৰীক্ষাৰ ৰিজাল্ট দুয়োৰে ভাল হ’ল। তাই গুৱাহাটীত পঢ়িবলৈ গুছি গ’ল। মোৰ কিছু ঘৰুৱা সমস্যাৰ বাবে মই প্ৰাইভেট কৈয়ে পঢ়িবলৈ ল’লো। গুৱাটীলৈ যোৱাৰ পিছত প্ৰথম অৱস্হাত ঠিকেই আছিল।  তাৰ পিছত আমাৰ মাজত এটা ডাঙৰ সমস্যাই দেখা দিলে। যিটো হ’ব বুলি মই কেতিয়াও ভবা নাছিলো। কিন্ত কি কৰিম ভগবানে ছাগৈ আমাৰ মিলন হোৱাটো বিছৰাই নাছিল। আমাৰ মাজত মাজত এক ডাঙৰ বিভেদৰ সৃস্টি হ’ল। আৰু তাই মোৰ জীৱনৰ পৰা আতৰি মোৰ সকলো সপোন ভাঙি চুৰমাৰ কৰি দিলে ।
সপোন সপোন হৈয়ে ৰ’ল। তাইৰ মনত পৰেনে নপৰে নাজানো কিন্ত মোৰ আজিও মনত পৰে সেই অতীত।মোৰ হৃদয়ত তাইৰ বাবে আজিও আছে ঠাই । কিন্ত তাইৰ হৃদয়ত মোৰ বাবে ঠাই নাই । বিশেষ সুত্ৰে গম পালো । তাই এগৰাকী উচ্চ পদস্হ বিষয়া। গতিকে তাই মোৰ হ’ব নোৱাৰে।অৱশেষত বুজিলো যে তাই  মোক নেট পেকৰ দৰেই ব্যৱহাৰ কৰিলে। কম দামি নেট পেক বেছি দিন নাযায় যেনেকৈ। মোৰ দৰে মানুহৰ লগতো তোমাৰ সম্পৰ্ক নাথাকিল । কাৰণ মই তাইৰ দৰে ধনীয়ো নহয়। মই এজন বেকাৰ নিলাজ প্ৰেমিক ।।
    @প্ৰাঞ্জল শংকৰ ( প্ৰাঞ্জল দত্ত)

Leave a Reply

Your email address will not be published. Required fields are marked *