0 00 1 min 4 yrs 83
     
     মই  মানে মন মেট্ৰিক পাছ কৰি কলেজত এডমিছন ল’লো। প্ৰথম দিনা কলেজ গৈ দেখিলো এজনী ধুনীয়া ছোৱালী । তাইক  মানে হীৰাক দেখি মনটো বহুত ভাল লাগিল ভাবিলো কিবা এটা কৰি তাইৰ লগত বন্ধুত্ব কৰিব লাগিব । ক্লাছত বহিবলৈ গৈ দেখিলো তাইৰ কাষৰ চিটটোহে খালি আছে ।। গতিকে তাতেই গৈ বহিলো আৰু ক্লাছটো শেষ হোৱাত চিনাকী হ’লো । তাৰ পাছত সদায়েই আমি একেলগে বহিবলৈ ল’লো । আমাৰ মাজত এটা ভাল বন্ধুত্বৰ সম্পৰ্কই গঢ় ল’লে ।  লাহে লাহে এই সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ কেনেকৈ সলনি হ’ল গমেই নাপালো।। পৰীক্ষাৰ সময় পালেহি দুয়ো পঢ়াত লাগিলো । পৰীক্ষা শেষ হ’ল আৰু দুয়ো এদিন ফুৰিব গ’লো । ফুৰি আহোতে ৰাতি হ’ল ইফালে বৰষুণ দিব আৰম্ভ কৰিলে । হাবিৰ ওচৰত থকা জুপুৰিটোতে আমি দুয়ো ৰাতিটো জিৰনি ল’লো । সেই ৰাতিটোৱে আমাৰ সম্পৰ্ক আৰু গভীৰতালৈ শিপালে । ফাইনেল ৰিজাল্ট দিলে । দুয়োৰে পঢ়াৰ ঠাই বেলেগ বেলেগ হ’ল । আমাৰ প্ৰেমৰ সম্পৰ্কটো ফাট মেলিবলৈ আৰম্ভ কৰিলে । এদিন খবৰ পালো ডিগ্ৰী শেষ হোৱাৰ পিছতেই তাইৰ বিয়া । মইয়ো ৰৈ নাথাকি তাইৰ ঘৰৰ লগত কথা পাতিলো । তাৰ পাছতেই মই এটা সমস্যাত পৰিলো । সেইটো হ’ল এটা চৰকাৰী চাকৰি । চাকৰি এটা বিছাৰি বহু পৰীক্ষা দিলো , পাছো কৰিলো কিন্তু চাকৰিহে নাপালো । কাৰণ মোৰ ওচৰত তেওঁলোকক দিবৰ বাবে টকা নাছিল । গতিকে চাকৰি পোৱাৰ আশাও এৰিলো । ইফালে তাইৰ বিয়াৰ দিনো ওচৰ চাপিল। মই কি কৰো একো ভাবি পোৱা নাছিলো ।
অৱশেষত চাকৰিও নাপালো আৰু মোৰ প্ৰেমকো নাপাম বুলি ভাবিলো ।
অৱশেষত হীৰাৰ ঘৰৰ মানুহ মান্তি হ’ল আৰু মন হীৰাৰ প্ৰেম সফল হ’ল ।।।।।
✍✍✍ প্ৰাঞ্জল শংকৰ

Leave a Reply

Your email address will not be published. Required fields are marked *