0 00 1 min 4 yrs 164
তাই মোলৈ ফেচবুকত ৰিকুৱেষ্ট পঠালে
মই একচেপ্ট কৰিলো
তাই মেছেজ দিলে : ঠেংচ  একচেপ্ট কৰাৰ বাবে
মই অকে
তাই মই আপোনাৰ কবিতা শুনো , আপোনাৰ ভিডিঅবোৰ চাও খুব ভাল লাগে।
মই :ধন্যবাদ
তাই : ঠিক আছে এতিয়া মই পিছত মেছেজ কৰিম আপোনাক
মই : ঠিক আছে
পাছদিনা
তাই : কি কৰি আছে
মই : কিবা এটা লিখি আছিলো
তাই : অ ‘ চৰি আমনি কৰিলো নেকি
মই : নাই নাই কোৱা
তাই : আপোনাক কথা এটা কম বুলি ভাবিছিলো
মই : কি কথা কোৱা
তাই: উমম আপোনাৰ নম্বৰটো পাম নেকি
মই : নিশ্চয়
তাই : ধন্যবাদ দাদা
মই : অ মোক ফোন এটা কৰি দিবা
তাই : হ’ব দাদা  অ দাদা আপুনি মোৰ বাবেও কিবা এটা লিখিব চোন
মই : ঠিক আছে
ইয়াৰ পিছত আমাৰ ফোনত কথা পতা আৰম্ভ হ’ল
তাই এদিন মোক লগ ধৰিলে
আৰু প্ৰেমৰ প্ৰস্তাব দিলে
ছোৱালী দেখিবলৈও  সকলোফালৰপৰা ধুনীয়া আছিল । গতিকে মইও তাইৰ প্ৰস্তাবটো গ্ৰহণ কৰিলো আৰু আমাৰ মাজত প্ৰেমৰ সম্পৰ্কই গঢ় ল’লে ।
কেনেকৈনো সময় বোৰ পাৰ হ’ল । গমেই নাপালো অৱশেষত আমাৰ বিয়া ৰ কথা হ’ল ।
বিয়ালৈ 3দিন মান থাকোতেই তাইক হঠাৎ তাই হস্পিতেলত ভৰ্তি হ’ল । তাৰ পাছত ডক্টৰৰ লগত কথা পাতিহে গম পালো তাইৰ হৈছে কি । আৰু তেতিয়াহে মই বুজি পালো তাই কিয় আমাৰ বিয়াৰ বাবে ইমান লৰালৰি কৰিছিল কিয় । এতিয়া এদিনৰ ভিতৰত আমাৰ বিয়া হ’বই লাগিব । সেইমতেই পিছদিনা বিয়াৰ আয়োজনো হ’ল । মই তাইৰ শিৰত সেন্দুৰ দিয়াৰ পাছতেই তাই এই পৃথিৱীৰ পৰা বিদায় ল’লে আৰু তাইৰ মোৰ বিয়া হোৱাৰ সপোন ও  পূৰ হ’ল । কিন্তু তাই মোৰ ওচচৰ পৰা চিৰদিনলৈ গুছিগ’ল । থাকি গ’ল স্মৃতিহৈ  মৰম ভালপোৱা বোৰ ।
মোৰ মৰমৰ জিমি তুমি কুশলে থাকা । তুমি মোৰ হৃদয়ত সদায় থাকিবা ।।।
।।।।।।।।।।।।।
✍✍✍✍প্ৰাঞ্জল শংকৰ

Leave a Reply

Your email address will not be published. Required fields are marked *