✍বৰষা কলিতা
বুকুত বাজি থকা বীণখন
মোক শুনালা
মই উচ্ পিচালো
ইচ্ …! কি যে কৰোঁ কি বা নকৰোঁ
বুকুয়েদি বৈ গ’ল হেঁপাহৰ হেঙুলীয়া বাট।
সুহুৰি এটা হৈ কাণত বাজিছে
অনুভূত লহৰ
আশাবোৰ জোনাক হৈ সৰিছে
সাজৰ তৰাই মিচিকিয়াই হাঁহিছে
ভায়লিনত ভৈৰৱী মূৰ্চনা …
আহ্!
ইম্মান জীপাল নে মাতাল পৃথিৱী আজি
(তোমাৰ) ওঁঠত যেন চৌৰাচিৰাৰ বাঁহী
তুমি পোহৰ হৈ নামিছা বুকুলৈ …
মই নভৱাকৈয়ে
মই নজনাকৈয়ে
তিতো নিতিতোকৈ তিতিছোঁ
আহিনৰ সিক্ত বতাহ জাকত
চোৱা মই উদ্ভাসিত
মোৰ চৌপাশ এতিয়া সাতোৰঙী।।