0 00 1 min 5 yrs 197

১। কিয়, কেনেকৈ আৰু কেতিয়াৰ পৰা সংগীত জগতৰ লগত জড়িত?
: সৰুৰপৰাই অৰ্থাৎ ক্লাছ ফাইভত পঢ়ি থকা সময়ৰপৰাই সংগীত বহুত ভাল পাওঁ মই । কিন্তু শিকিবলৈ কোনো সময়-সুবিধা পোৱা নাছিলোঁ । আমাৰ স্কুলতো সংগীত  শিক্ষাৰ কোনো সুবিধা নাছিল তেতিয়া । এতিয়া মই সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছোঁ । জুবিন দা আৰু মৌচমদাৰ ভাল লগা গীতবোৰ বাৰে বাৰে শুনিছিলোঁ আৰু গাবলৈ চেষ্টা কৰিছিলোঁ । মৌচমদাৰ প্ৰতিটো গীত মোৰ বহুত ভাল লাগে আৰু হাজাৰবাৰ শুনিছিলোঁ , গাবলৈ চেষ্টা কৰিছিলোঁ । আমাৰ দেউতাই টোকাৰী বুজাইছিল খুব সুন্দৰকৈ আৰু ভক্তিমূলক গীত পৰিৱেশন কৰিছিল । সঁচা অৰ্থত ক’বলৈ গ’লে দেউতাই মোক সংগীত ভাল পাবলৈ শিকাইছিল সেই তাহানিতেই ।

২ । শেহতীয়াকৈ মৌচম গগৈৰ লগত কাম কৰা দেখা গৈছে । তোমাৰ কথা-সুৰ-আৰু সংগীত পৰিচালনাৰে মৌচম গগৈৰ কণ্ঠত “মইনাজান” শীৰ্ষক গীতটোৱে যথেষ্ট সমাদৰ তথা মৰম বুটলা দেখিবলৈ পোৱা গৈছে । কি ক’বা এই বিষয়ে ?
: হয়, মৌচমদাৰ লগত কাম কৰিবলৈ পোৱাটো মোৰ বাবে ভাগ্যৰ কথা কিয়নো মৌচম গগৈৰ গান বুলিলে মই পাগল আছিলোঁ আগৰ পৰাই । আৰু তেনে এজন আদৰ্শ ব্যক্তিৰ লগত কাম কৰিবলৈ পোৱা টো সঁচাকৈ আনন্দৰ কথা । মইনাজান গীতটোত খুব সুন্দৰকৈ কণ্ঠদান কৰিছে তেওঁ । যিমান পাৰোঁ সিমান সুন্দৰকৈ লিখিবলৈ আৰু সুৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ গীতটো । কষ্ট কৰিছিলোঁ তাৰ ফল পাইছোঁ ।
৩। শেহতীয়াকৈ তোমাৰ কথা-সুৰ আৰু কণ্ঠত হায় ৰসগোল্লা শীৰ্ষক গীত এটা মুক্তি পাইছিল আৰু গীতটো ফেচবুকত উপলব্ধ আছিল । গীতটোৰ বাবে বহুতে তোমাক সমালোচনা কৰিছিল । কি ক’ব এই বিষয়ে?
: “গাল দুখন ( RosogullA returns)” শীৰ্ষক গীতটোত কোনো অশ্লীল শব্দৰ ব্যৱহাৰ কৰা হোৱা নাই । “ৰসগোল্লা” কোনো অশ্লীল শব্দ নহয় । যেনেকৈ কিছুমান গীতত ছোৱালী এজনীক গোলাপ, তগৰ আদিৰ সৈতে তুলনা কৰা দেখিবলৈ পোৱা যায় , যেনে- তুমি এপাহি গোলাপ , তোমাৰ চকুযুৰি হৰিণী নয়না ইত্যাদি । ঠিক তেনেকৈ এই হাস্যৰসাত্মক গীতটোত ৰসগোল্লাৰ লগত তুলনা কৰা হৈছে । “ৰসগোল্লা” কোনো অশ্লীল তথা বেয়া শব্দ নহয় । কমেডিমূলক গীত হিচাপে কেৱল আনন্দ তথা হাঁহিৰ খোৰাক যোগোৱাটোহে আমাৰ উদ্দেশ্য । বেলেগ একো কু অভিপ্ৰায় নাই । কাকো হেয় প্ৰতিপন্ন তথা অপমানিত কৰিব বিচৰা নাই । কোনেও যাতে ঋণাত্মক ভাবে নলয় আৰু বিতৰ্কলৈ টানি নিনিয়ে । মই কোনো বিতৰ্কৰ সূত্ৰপাত কৰিব বিচৰা নাই । আশাকৰো সকলোৱে বুজি পাব মোৰ মনৰ কথা ।
মোৰ ব্যক্তিগত দৃষ্টিকোণৰপৰা ক’বলৈ  গ’লে ৰসগোল্লা খাই মই বহুত ভাল পাও, সৰুৰপৰাই । সেয়ে এই ভাললগা শব্দটো উল্লেখ কৰিলোঁ । কিবা ভূল কাম কৰিছোঁ বুলি নাভাবোঁ মই ।
৪। ৰেকৰ্ডিংৰ প্ৰথম দিনটো ৰ বিষয়ে কিছু কথা ক’বা ?
: ২০১৩ চনৰ এপ্ৰিল মাহৰ কথা । গোলাঘাটৰ সমলয় ষ্টুডিঅ’ত হৈছিল মোৰ জীৱনৰ প্ৰথমটো গীত মন আজিৰ ৰেকৰ্ডিং  ।  সমলয় ষ্টুডিঅ’ৰ গৰাকী কিশোৰ চাৰৰ পৰা মই বহু কথা শিকিছোঁ । এই সুযোগতে তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । আজিকালি প্ৰায়েই গুৱাহাটী আৰু হায়দৰাবাদৰ ষ্টুডিঅ’ত কৰোঁ । কিশোৰ চাৰ নোহোৱা হ’লে ইমান খিনি আগবাঢ়িব নোৱাৰিলোঁ হেতেন। ৰেকৰ্ডিংৰ আগমুহূৰ্তত ভয় লাগিছিল বহুত । ভয়তে মুখৰ পৰা মাতেই নোলোৱা হৈছিল ।
৫। জনপ্ৰিয় হ’বলৈ বিতৰ্কৰ প্ৰয়োজন বুলি ভাবানে? যদি ভাবা কিয়?
: নাভাবোঁ । জনপ্ৰিয় হ’বলৈ বিতৰ্কৰ প্ৰয়োজন নাই ।
৬। তোমাৰ এই যাত্ৰাত পৰিয়ালৰ সহায়-সহযোগ কেনেকুৱা ?
: বহুতেই ভাল । মোৰ নতুন গান মুক্তি পালেই দেউতাই শুনে আৰু ভাল – বেয়া মন্তব্য কৰে । বহুত ভাল লাগে তেতিয়া ।
৭। তোমাৰ আদৰ্শ ব্যক্তি অৰ্থাৎ যিসকলৰ পৰা তুমি অনুপ্ৰাণিত হোৱা?
: আদৰ্শ ব্যক্তি বুলি ক’লে প্ৰথমেই চি এচ শিৱাদাৰ নাম ল’ব লাগিব ।শ্ৰদ্ধেয় ভূপেন হাজৰিকাদেৱো মোৰ আদৰ্শ ব্যক্তি । তাৰপিছত জুবিনদা আৰু মৌচম দা ।
৮। প্ৰিয় গায়ক-গায়িকা আৰু অভিনেতা-অভিনেত্ৰী?
: প্ৰিয় গায়ক-গায়িকা হ’ল- জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতা । আনহাতে প্ৰিয় অভিনেতা-অভিনেত্ৰী হ’ল- যতীন বৰা আৰু বৰষা ৰাণী ।
৯ ।এদিনৰ বাবে যদি ভাৰতৰ প্ৰধান মন্ত্ৰী হোৱা তেনেহ’লে সকলোতকৈ আগত কোনটো কাম কৰিবা ? 
:এদিনৰ বাবে যদি দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্য হয় তেন্তে সকলোতকৈ আগত মই নিচা জাতীয় বস্তু বিক্ৰী কৰাটো বন্ধ কৰি দিম ।
১০।তোমাৰ দৃষ্টিত প্ৰেম আৰু জীৱনৰ সংজ্ঞা? 
:প্ৰেম মানে হ’ল দুটি মনৰ মিলন য’ত থাকে বিশ্বাস, বুজাবুজি, সাহস, অনুপ্ৰেৰণা আৰু সৰগীয় অনুভূতি । জীৱন মানে হ’ল হাঁহি-কান্দোন, সুখ-দুখৰ সংমিশ্ৰণ ।
১১।নিজৰ কণ্ঠত তোমাৰ প্ৰিয় গীত কোনটো আৰু কিয়?
:এজন কণ্ঠশিল্পীৰ তেওঁ কণ্ঠদান কৰা প্ৰতিটো গীতেই প্ৰিয় । তথাপিও মোৰ কথা সুৰ আৰু কণ্ঠত দ্বীপকেশ বৰগোহাঞিৰ সংগীতেৰে “আকাশৰ বুকুতে ” গীতটো মোৰ প্ৰিয় । কিয়নো এই গীতটোত মোৰ নিজস্ব এনে কিছু অনুভৱ আছে যিবোৰে মোক জীৱন-মৰণৰ সংজ্ঞা বুজাত সহায় কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *