0 00 1 min 5 yrs 122
পোহৰজাক চপাবৰ হ’ল
খন্তেক পিচতে কঁপি উঠিব পাৰে
আইৰ গৰ্ভ ৷
পোহৰজাক কামনা নকৰিবা
বুকু কোঁচ খাব পাৰে,
হয়তো গুলিৰে
গজালবিদ্ধ হ’ব পাৰে
আইৰ শৰীৰ ৷
পিছ দুৱাৰৰ আকাশক
পিঠিত বান্ধি,
হয়তো গৰ্ভৱতী হ’ব পাৰে
শিপা হেৰুওৱা আইৰ পথাৰ ৷
পৰিণীতা কলিতা
টিহু,নলবাৰী
ফোন: ৯১২৭৫৬৪১২৪

Leave a Reply

Your email address will not be published. Required fields are marked *