সময় তেতিয়া সন্ধিয়া আঠ বাজিছে । সন্ধিয়া আঠ বজাৰ পাছত হোষ্টেলত থকা ল’ৰা- ছোৱালী দুটাৰ খবৰ লোৱাটো বৰুৱাৰ দৈনন্দিন ৰুটিনৰ লগৰে…. । আজিও সিহঁতৰ খবৰ এটা লওঁ বুলি ফোনটো হাতত তুলি ললে । হঠাৎ ফোনটো বাজি উঠিল, মবাইলৰ স্ক্ৰীণত জিলিকি উঠিল ‘ জুৰণি ‘ ।বৰুৱা হতচকিত হ’ল। মনতে ভাবিলে,” এইৰ আজি কি হ’ল”? লৰা-লৰিকৈ ফোনটো ৰিচিভ কৰিলে ।
:: হেল্ল ,
:: হেল্ল দেতা, কি কৰিছা ?
:: নাই অ’ একো কৰা নাই । এনেই বাৰাণ্ডাতে বহি আছোঁ । তোমালৈকে ফোন এটা কৰোঁ বুলি ফোনটো হাতত লওঁতেই দেখিলোঁ তুমি ফোন কৰিলা । কি হ’ল কোৱাচোন চব (সব ) ঠিকেই আছেনে ?
:: উম , আছোঁ দেতা ঠিকেই আছোঁ । তোমাৰ কেনেকুৱা মন চন বেয়া কৰি আছা নিকি !
:: নাই মাজনী নাই থকা । বেয়ানো কিয় লাগিব । সকলো কামৰে এটা নিৰ্দিষ্ট সময় সীমা থাকে । মোৰো তাৰ ব্যতিক্ৰম নহয় । মোৰো ম্যাদ উকলিল , সেয়াই আৰু…..
:: হ’ব দেতা একো ভাবি-চিন্তি নাথাকিবা । তোমাৰ এতিয়া বয়স হৈছে জিৰণি লোৱা । অৱশ্যে আমি পঢ়া শুনা শেষ কৰি কিবা এটা কৰিব পৰা হ’লে ভাল আছিল । তেতিয়া তোমাৰ একো অসুবিধাই নহ’ল হেঁতেন।এতিয়াও চিন্তা নকৰিবা সকলো ঠিকেই চলাই নিম ।
:: ছোৱালীজনীৰ কথা খিনিয়ে বৰুৱাক অলপ ভবাই তুলিলে । চাকৰিটো পোৱাৰ পাছতে যদি তেওঁৰ লগৰ আন ল’ৰাবোৰৰ দৰে সংসাৰ কৰিলে হেঁতেন এতিয়া তেওঁৰ ল’ৰা- ছোৱালীয়ে পঢ়া শুনা শেষ কৰি চাকৰি কৰি থাকিল হেঁতেন । সেই সময়ত তেওঁ মাক-দেউতাক , ভায়েক- ভনীয়েকৰ দায়িত্বলৈ ঘৰখন আগবঢ়াই নিয়াতহে গুৰুত্ব দিলে । এইবোৰ কথা ভাবি লাভ নাই আৰু এতিয়া । এইবোৰ ভবাৰ সময় বহুত আগতেই পাৰ হৈ গ’ল।” গতস্য শোচনং নাস্তি” বুলি কথাষাৰ এৰি দিলে ।
:: তোমালোকে ভালদৰে পঢ়া শুনা কৰা ।মই তোমালোকক অসুবিধাত নপৰাকৈ চলাই নিবলৈ পাৰ্যমানে চেষ্টা কৰিম ।
এনেতে বৰুৱাৰ ফোনত আন এটা কল অহাৰ ধ্বনি বাজিল। “জীউ ” মবাইলৰ স্ক্ৰীণত জিলিকিল। মাজনী এতিয়া থওঁ দেই জীউয়ে ফোন কৰি আছে মই তাৰ লগত কথা পাতি লওঁ।
:: উম হ’ব দেতা থোৱা । জুৰণিয়ে ফোনটো কাটি দিলে ।
( আগলৈ)