0 00 1 min 1 yr 15

বৰুৱাৰ কথাষাৰে নিজৰাক উৎসাহিত কৰিলে। আবেলিৰ পৰা মানুহজনৰ উদাস মুখখন দেখি তাই মনে মনে ভয় খাই আছিল। মানুহজন বাৰু মানসিক ভাৱে ভাগি পৰিছে নেকি? তাই আৰ তাৰ মুখত শুনিছে অবসৰ লোৱাৰ পাছত বোলে মানুহবোৰ ভাগি পৰে ,মন ভগাৰ লগে লগে দেহত অনেক অসুখেও বাহ লয়।মানুহজনৰ মনলৈ, শৰীৰলৈ যাতে অবসৰৰ পিছৰ সেই বিৰুপ প্ৰতিক্ৰিয়াবোৰ নাহে তাই মনে মনে ভগৱানক প্ৰাৰ্থনা জনালে, “হে প্ৰভূ মানুহজনক কোনো অসুবিধাত নেপেলোৱা যাতে”।

        নিজৰাই বৰুৱাৰ কথাখিনিৰ সহাৰি জনাই কলে ,
       :: মই আপোনাক কম বুলি ভবা কথাখিনিকে কলে আপুনি। মইতো সদায়  সোনকালেই উঠো আপুনিও উঠিব,ৰাতিপুৱা অলপ খোজ কাঢ়ি আহি চাহ একাপ খাইলৈ খুচ-খাচ কামত ধৰিম। মনটোও ভাল লাগিব , ব্যস্ত হৈও থাকিব পাৰিম।
        ভাত খাই উঠি বাচন কেইটা ধুই ভাতৰ টেবুলখন সামৰি ল’লে নিজৰাই। ৰাতি ভাত খোৱাৰ পাছত সৰু-ডাঙৰ কোনো কামেই কৰিবলৈ ইচ্ছা নাথাকে তাইৰ। মাত্র চুলি কেইডালত ফণীখন বুলাইলৈ বিচনাত উঠাৰ বাহিৰে একোৱেই নকৰে । ৰুমৰ লাইটটো অফ কৰি বিচনাত উঠিল।
        বিচনাত বাগৰ দি বৰুৱাই নিজৰাক ক’লে ,
:: হেৰা শুনিছা, মই এতিয়া সদ্য অবসৰ প্ৰাপ্ত শিক্ষক , মোৰ এতিয়া পৰিচয়েই বেলেগ হ’ল, গতিকে কালিলৈ পৰা আমাৰ ৰুটিনো বেলেগ হ’ব, আগৰ দৰে নচলিব। এতিয়া শুই থাকা কালিলৈ কথা কালিলৈ হ’ব।
        :: উম শুই থাকক । মোৰ ভাগৰো লাগিছে ,টোপনিও ধৰিছে । আপুনি অবসৰহে লৈছে , বৰ বেলেগ কিবা এটা হোৱা নাই নহয় । চাকৰি কৰা মানুহ অবসৰ হয়েই । জোন -বেলি একেই থাকিব । পৃথিৱী একেখনেই থাকিব । আমাৰ ঘৰখনো একেই থাকিব। কিনো সলনি হ’ব। শুই থাকক , কালিলে সোনকালে উঠিব লাগিব । বুলিকৈ সকলো দুঃচিন্তা একাষৰীয়া কৰি থৈ বাগৰ সলাই শুই পৰিল নিজৰা।(সমাপ্ত )
———======——–
     পৰিমিতা গোস্বামী

Leave a Reply

Your email address will not be published. Required fields are marked *