0 00 1 min 2 yrs 37

নৱনীতা বৰা

চেনেহৰ প্ৰেমিক কবি,
মই তোমাৰ চঞ্চলা ফাগুন,
পলাশ,শিমলুৰ ৰঙেৰে খেলোঁ,
আমাৰ প্ৰেমৰ ফাকু।
যেনেকৈ মই প্ৰাপ্তিৰ ৰঙা পোহৰৰ কথা কওঁ,
তোমাৰ প্ৰেমিক বুকুত পলাশৰ ৰঙা জুই জ্বলাওঁ,
তেনেকৈয়ে শুনিব লগীয়া হয় মই,
লঠঙা ডালৰ কৰুণ বিননি,
সৰাপাতৰ নিৰ্মম উচুপনি।
এখন উদং পথাৰ,ধুলিময় আকাশ,
শুকান বতাহ,উৰ্বৰতা হেৰাই যোৱা এটি মাহ
কিম্বা,
তৰাং নদীৰ উচুপি উঠা দুটি পাৰেৰে সংজ্ঞা নিদিবা তুমি মোৰ;
পাৰা যদি,
চালে চকু ৰোৱা পলাশৰ ৰঙা দলিছা,
দিগন্তত বিলীন হোৱা কহুৱা তুলাৰে অভিহিত কৰিবা এই পলাশী ফাগুনক।
মৌপিয়াৰ চুমাত ৰঙা হোৱা মদাৰৰ পাহি,
ফাটমেলা শিমলুৰ ৰঙা বুকুয়েই পৰিচিতি ফাগুনৰ।
ফাগুন আহে সেউজীয়া বসন্তৰ প্ৰতিশ্ৰতিৰে,
আমে মলিয়াব,কঁঠালে মুচিয়াব, লঠঙা ডালে ডালে কুঁহিপাত মেলিব,
তাৰেই বতৰাত গাভৰু হৈ উঠে এই চঞ্চলা ফাগুনী।
মোৰ প্ৰেমিক কবি,
বিষাদৰ ৰজনীগন্ধা বুটলাৰ কাহিনী;
আজি সৰাপাতৰ বুকুত,
এতিয়া বতৰ প্ৰতিশ্ৰুতিৰ,
সপোনৰ পাৰ ভাঙি মই তোমাৰ হৈ ৰ’ম;
আৱেগৰ ঢলে ভাঙিব মৰমৰ ভেটা,
সৰাপাতৰ শুকান বুকু জীপাল হ’ব 
মেলিব নতুন পোখা;
মৰম গজিব শুকান কলিজাত
হৈ দুপৰটেঙা।

Leave a Reply

Your email address will not be published. Required fields are marked *