0 00 3 yrs 145

তুমি আছা বাবেই

মোৰ পদূলিত
ফাগুন নামিছে।
তুমি অহাৰ
বাটত সৌৱা
পলাশ ফুলিছে।
ফাগুনৰ পছোৱাই
দি যাব তোমাৰ বাতৰি
পলাশ শিলমু ৰঙা হৈ
ফুলি ধৰণী সজাব।
বৰদৈচিলা জাক আহিব 
আকাশত মেঘৰ
মাদল বাজিব।
সৌৱা চোৱা ফাগুন
নামিছে….
                 দিপজ্যোতি বৰদলৈ
          

Leave a Reply

Your email address will not be published.