0 00 1 min 2 yrs 28

ফাগুনৰ বলিয়া বতাহজাকে

মনটো উৰুৱাই লৈ যায়,
আপোন গাওঁখনিলৈ..,
মনত পৰে স্কুলীয়া দিনবোৰলৈ..!
ঘৰমুৱা হোৱাৰ দীঘলীয়া পথটোত
উন্মনা হৈ পৰো ।
লঠঙা পলাশ, শিমলু কেইজোপাই
নতুন সাজেৰে ৰাঙলী হৈ
নানান চৰাইৰ সৈতে মেলা পাতে
লুকাই লুকাই কুলিজনীয়েও যেন গীত জুৰি 
পথটোৰ নিস্তদ্ধতা দূৰ কৰে ।
উৰুৱাই নিব খোজা ছাতিটো 
জোৰেৰে খামুচি ধৰি 
যেতিয়া আগবাঢ়ো,
হো-হোৱাই বতাহজাকে কাণে কাণে 
কিনো কৈ যায় যদিও বুজি নাপাওঁ
ভাল লাগে চোন..
নজনাকৈয়ে হাঁহি এটি ওলায় আহে ।
সুখী হৈ পৰো সেই মিঠা অনুভৱত..।
চিঞৰি চিঞৰি ক’ব মন যায়,
“ফাগুন বৰ ভাল পাওঁ অ’ তোক,
লৈ যা মোৰ মনৰ বতৰা
দি যা তোৰ সীমাহীন ভালপোৱা।”
✍গীতু শইকীয়া 

Leave a Reply

Your email address will not be published. Required fields are marked *