0 00 1 min 2 yrs 31

ফুটপাথ বোৰেই মোৰ

বাবে একোখন
হেঁপাহৰ ঘৰ।
এই ফুটপাথ বোৰেই
মোৰ বাবে একো
একোখন বিছনা।
দিনে নিশাই পৰি
থাকোঁ ফুটপাথত।
ৰ’দ বৰষুণ সকলোবোৰ
কাটি কৰি থওঁ।
ইয়াৰ বাহিৰে মোৰ
হাততটো অন্য
উপায় নাই।
কেতিয়াবা যদি কোনোবাই
মোক এমুঠি
খাবলৈ দিছে।
কোনোবাই আকৌ মোক
গছকি মোহাৰি গৈছে।
যেতিয়া ভোকত পেটে
কলমলাই থাকে
জাৱৰৰ দ’মত বিচাৰি
পাওঁ মোৰ খাদ্য বোৰ।
ধেৎ চাল্লা মই 
মহাজন বোৰৰ ঘৰত 
বিলাতী কুকুৰ
হোৱা হ’লে
হয়তো এনেদৰে
ফুটপাথতেই ৰাতিবোৰকো
দিন কৰি জীৱন
কটাব লগীয়া
নহ’ল হেতেন….
দিপজ্যোতি বৰদলৈ
                    

Leave a Reply

Your email address will not be published. Required fields are marked *