
বঙাইগাঁৱৰ কাহিবাৰীত বান সাহাৰ্য্য হৰলুকি কৰি থকা অৱস্থাত জব্দ কৰে স্থানীয় ৰাইজে।
বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম গাওঁ পঞ্চায়তৰ কাহিবাৰীত বান সাহাৰ্য্য হৰলুকি কৰাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অভিযোগ মতে কাহিবাৰীত আই নৈৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মহকুমা প্ৰশাসনে যোগান ধৰা সামগ্ৰী পঞ্চায়ত সদস্যা সহ দুজন শিক্ষকে হৰলুকি কৰাৰ চেষ্টা কৰাৰ সময়তে ৰাইজে জব্দ কৰিবলৈ সক্ষম হয় ।
পঞ্চায়ত সদস্যাৰ স্বামী আব্দুল বাৰেক আৰু দুজন শিক্ষক ক্ৰমে দীপক বৰ্মন আৰু নুৰ আলমে বান সাহাৰ্য্য সামগ্ৰী প্ৰসাশনৰ পৰা চমজি লয় যদিও বানাক্ৰান্ত ৰাইজৰ সামগ্ৰীৰ প্ৰতি লোভ সামৰিব নোৱাৰি ২ বস্তা ডাইল আৰু ২ কাৰ্টুন মিঠাতেল হৰলুকি কৰি লুকুৱাই ৰখাৰ অভিযোগ ।
কিন্তু স্থানীয় ৰাইজে লুকুৱাই ৰখা সামগ্ৰী বোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াকে লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
ঘটনাস্থলীত বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্থিত হৈ বান সাহাৰ্য্য সামগ্ৰীবোৰ লৈ যায়। ঘটনা সংক্ৰান্তত বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।
সংবাদ দাতাঃ আব্দুল কৰিম ।