0 00 1 min 2 yrs 234

সোমবাৰে নিশা বঙাইগাঁও জিলাৰ গেৰুকাবাৰী তহলদাৰী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰায়ৰ নেতৃত্বত অভিযান চলাই চোৰাং চাউল ভৰ্তি এখন বলেৰো গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। AS 19C 2347 নম্বৰৰ গাড়ীখনে ৫০ বস্তা চোৰাং চাউল লৈ যোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।গাড়ীৰ লগত চালক মিজানুৰ ৰহমান আৰু হেণ্ডিমেন আনোৱাৰ হুচেইনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ইফালে চালকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি দুপৰীয়া বালাৰপেটত সূলভ মূল্যৰ দোকানী আছিৰ উদ্দিনৰ ঘৰত অভিযান চলাই ১ কুইন্টলৰ অধিক চাউল জব্দ কৰাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ জব্দ কৰে। আৰক্ষীৰ খবৰ লাভ কৰি সূলভ মুল্যৰ দোকানী পলায়ন কৰে। জানিব পৰা মতে আছিৰ উদ্দিনে দীৰ্ঘদিন ধৰি বগা চাউলৰ কলা বেহাৰে বহিঃৰাজ্য লৈ চোৰাং ভাৱে চাউলবোৰ প্ৰেৰণ কৰি আহিছে। চোৰাং চাউলৰ বেপাৰী আছিৰ উদ্দিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ।

Leave a Reply

Your email address will not be published. Required fields are marked *