
বঙাইগাঁৱৰ সন্তোষপুৰ দ্বিতীয় খণ্ডত আই আৰু মানাহ নৈৰ খহনীয়াত দিশহাৰা নৈপৰীয়া ৰাইজ ।খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সমুহীয়া দোৱা। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত সন্তোষপুৰ দ্বিতীয় খণ্ডত আই আৰু মানাহ নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে। বিগত ১০ দিনে বিঘাই-বিঘাই কৃষিভূমি সহ প্ৰায় ১৫ টা কৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে ।নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে সন্তোষপুৰ দ্বিতীয় খণ্ড মেওৱা মছজিদ। তাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা লোৱা নাই জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিয়ে ।উপায়ন্তৰ হৈ খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নৈপৰীয়া ৰাইজ নৈৰ পাৰত সমুহীয়া দোৱা কৰি স্থানীয় বিধায়ক, সাংসদ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খহনীয়া প্ৰতিৰোধৰ বাবে দাবী জনাইছে।সংবাদ দাতাঃ আব্দুল কৰিম