0 00 1 min 2 yrs 164

নৱবৰ্ষৰ প্ৰথম দিনটোতেই গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰত এগচি বন্তি জ্বলাই পূজা- অৰ্চনা কৰি নেদেখা জনৰ ওচৰত সেৱা আগবঢ়াই ৰাইজে ৷

নৱবৰ্ষৰ প্ৰথম দিনটোত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা লোক আহি সমাজৰ পৰা যেন অসূয়াঅপ্ৰীতি দূৰ হৈ এখন সুষ্ঠ সমাজ গঢ়ি উঠে তাৰ বাবে  ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ৷
 উল্লেখ্যযোগ্য যে প্ৰতিবছৰে গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ বছৰৰ প্ৰথম দিনটোত এনেদৰে বিভিন্ন প্ৰান্তৰ লোক আহি ভগৱানৰ ওচৰত সেৱা জনোৱা দেখিবলৈ পোৱা যায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *