0 00 1 min 6 yrs 158
ঠাইডোখৰৰ নাম পেঞ্চন অফিচ বুলি ক’লে চহৰখনত চিনি নোপোৱা মানুহ খুব কমেই ওলাব । আজিৰপৰা প্ৰায় বিশবছৰমান আগতে ঠাইখনৰ বেছিভাগ অংশই হাবিৰে আৱৰি আছিল ।ৰাস্তাইদি গাড়ী-মটৰো খুব কমকৈ চলিছিল । বৰ্ত্তমান ঠাইখনত শাৰী-শাৰী গগনচুম্বী অট্টালিকা আৰু ৰাস্তাইদি লানি নিছিগা গাড়ী । পেঞ্চন অফিচলৈ সুমাই যোৱা মেইন গেটখনৰ ওচৰতে আছে এটা বাছ ষ্টপ য’ত ৰাতিপুৱাৰপৰা গধূলিলৈকে পাব্লিক মানে ডেকা-গাভৰু ,বুঢ়া-বুঢ়ীৰ জুম (গছ কাটিলেই মূঢ়া আৰু বিয়া পাতিলেই বুঢ়া ফৰমূলাটো ফল’ কৰি বিবাহিত পুৰুষ মহিলাসকলক বুঢ়া-বুঢ়ী আৰু অবিবাহিতসকলক ডেকা-গাভৰু বুলি উল্লেখ কৰিছোঁ)
এতিয়া আহিছোঁ মূল কাহিনীলৈ । বাছ ষ্টপটোৰ কাষতে প্ৰায় ত্ৰিশবছৰ ধৰি বৰফৰ ব্যৱসায় কৰি আহিছে মানুহজনে ।তেখেতৰ নাম হ’ল বজৰং । এই নামেৰে তেওঁক চহৰখনৰ প্ৰায়বিলাক মানুহেই চিনি পায় বুলিব পাৰি । ৰাতিপুৱা সাত বজাত তেওঁ বাছষ্টপটো মানে দোকান পায়হি ।দোকান মানে টিনপাত বুলিবলৈ একো নাই ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ চাৰিওঁফালে চাৰিটা খুটি পুতি ওপৰত এখন তিৰপাল তৰি লয় । মই আপোনালোকক যিবিধ বৰফৰ কথা কৈ আছোঁ সেইবিধ আমি গৰমত খোৱা এটকীয়া বা দুটকীয়া চুপি দিলে মিঠা-মিঠা লগা বৰফবিধৰ কথা কোৱা নাই দেই ।কৃষ্ণ ।এইবিধ হ’ল মাছ-মাংসৰ দৰে বস্তুবোৰ সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা বৰফ ।
ৰাতিপুৱা সাত বজাৰপৰা ৰাতি দহবজালৈকৈ বাছষ্টপটোৱেই তেওঁৰ বাবে বাসস্থানৰ দৰে বুলিব পাৰি । আনবোৰ বৰফ বেপাৰীৰ দৰে বজৰং ভায়ে ৰঙাপানীবিধ গ্ৰহণ নকৰে ।আনহাতে চাহ বুলিলে আধা পাগলৰ দৰে ।দিনটোত প্ৰায় বিছ-পঁছিশ কাপমান চাহৰ প্ৰয়োজন হয় ।একাপ চাহত ৫ টকাকৈ ধৰিলে ২৫ কাপত হ’ব ১২৫ টকা । আৰু ৫ টকা দিলে কুৱাৰ্টাৰ এটাই পালে হয় । তথাপিয়ো তেওঁ ৫ টকা বেছিকৈ খৰচ কৰিবলৈ ইচ্ছা নকৰে । কেতিয়াবা লগৰ বন্ধুবোৰে যদি “ইমান পইছা খৰচ কৰি চাহ খোৱাতকৈ (পিয়া) ৰঙাপানী নাখাওঁ কিয় “বুলি সোধে তেতিয়া তেওঁ “আবে মোক হাওলা বুলি ভাবিছ নেকি তই ,সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি লিখা আছে তই দেখা নাইনেকি ?” বুলি একেবাৰে মুখ বন্ধ কৰি দিয়ে ।তেওঁলোকৰ সাতজন ককাই-ভাইৰ ভিতৰত বজৰং নুমলীয়াজন ।ককায়েকসকলৰ কোনোবাজন মাছৰ বেপাৰী কোনোবাজন গুৰ বেপাৰী ইত্যাদি ইত্যাদি । বৰফৰ বেপাৰ কৰি তেওঁ কি উন্নতি কৰিছে সেয়া চাবলৈ গ’লে প্ৰথমেই অন্ধ্ৰপ্ৰদেশ টাইপৰ(অসমত যেনেকি আসাম টাইপ ) অট্টালিকাটোৰ কথা কব লাগিব ।সেইটো হেনো তেওঁ বৰফ বিক্ৰী কৰি পোৱা লাভৰ টকাৰে সাজিছে । অৱশ্যে তাত মাছ বেপাৰী গুৰ বেপাৰী আদিৰো অলপ-অচৰপ অবদান নথকা নহয় ।দ্বিতীয়তে তেওঁৰ এখন ধপধপী আছে ।প্ৰায় ১৫বছৰমানৰ আগতেই কিনা ।নাম টিভিএচ এক্সএল ব্ৰেকেডত হেভী ডিউটী ।নতুন অৱস্থাধ এক লিটাৰ ডিজেলেৰে হেনো ৫দিন মানে ২৫ কিঃমিঃ চলাব পাৰিছিল ।এতিয়া এদিনহে মানে ৫কিঃমিঃহে যায় ।ইঞ্জিনটোত মামৰে ধৰিছে যেতিয়া অলপ বেছিকৈ খাবই দিয়ক । তৃতীয়তে ন’কিয়া ব্লেক এণ্ড হোৱাইট বাৰশ মডেলৰ এটা ম’বাইল ফুন ,তাতে এয়াৰটেলৰ চিম ।তেওঁৰ বয়স প্ৰায় চল্লিছ বছৰমান হ’ব ।১৭ বছৰ বয়সতে বিয়া কৰাইছিল হেনো ।এতিয়া তেওঁৰ ছোৱালী ৫জনী আৰু ল’ৰা দুটা । অ’ল টুটেল সাতটা । সিহঁতে ঘৰৰ ওচৰৰে চৰকাৰী স্কুলখনত পঢ়ে । বজৰং ভায়েতো কৈয়ে দিছে “হেৰৌ তহঁতে মোক চাকৰি খুৱাব নালাগে বোপাইহঁত । নিজৰ পেটটো পুহিবৰ বাবে বৰফৰ বিজিনেছটোৰ জ্ঞান ভালদৰে আয়ত্ব কৰি ল’ । তেতিয়াহে যদি মোৰদৰে এদিন সফলতাৰ মুখ দেখা পাৱ ।”
বাছষ্টপলৈ যেতিয়া চুটি-চুটি মিনি স্কাৰ্ট পিন্ধি ধুনীয়া-ধুনীয়া আধুনিকা ছোৱালীবোৰ আহে তেতিয়া বজৰং ভাইৰ বুকুখনত কিহবাই বিন্ধাৰ দৰে অনুভৱ হয় ।বহু চেষ্টা কৰিয়ো যেতিয়া অবুজন মনটোক বুজাবলৈ সক্ষম নহয় তেতিয়া নিজকে কোৱাৰ দৰে কয় “চাল্লা ,এই নাৰীজাতিটোক বিশ্বাস কৰিব নাপায় । ধন পালে ইহঁতক একোৱেই নালাগে । “সৰুতে ৰুমাৰ স’তে পাৰ কৰা স্মৃতিবোৰে বুকুখন AK47(এ.কে. ৪৭) ৰ গুলিয়ে থকা-সৰকা কৰাদি কৰে । সিহঁতে মুখেৰে এটা কয় আৰু পেটত এটা ৰাখে । সৌ সিদিনা ৰুমাইতো কৈছিলে “তোক এৰি জানো মই জীয়াই থাকিব পাৰিম । সেইটো কেতিয়াও সম্ভৱ নহয় মোৰ জীৱনত । তই প্ৰাণৰো প্ৰাণৰ আৰু তেজৰো তেজৰ সংগী । তোৰ অবিহনে মোৰ জীৱনটো শূন্য হৈয়ে ৰ’ব ।” কিন্তু ক’ত গ’ল তাইৰ প্ৰতিশ্ৰুতি ।এমাহৰ পাছতেই লাখটকীয়া ল’ৰা পাই এই অমুকাৰ নামেই পাহৰিলে ।নাপাহৰিবলে এই অমুকানো কোন ,এটা সাধাৰণ বৰফৰ বেপাৰীহে । মিছা ক’লে কি কছুগুটিডাল হ’ব ।
কিবা খং উঠিলে গোটেই পৃথিৱীখনকে কিনি ল’ম বাপ্পেকে বৰফ বিকা ধনেৰে

Leave a Reply

Your email address will not be published. Required fields are marked *