0 00 2 yrs 158
বটদ্ৰৱাত শিৱামনী বৰাই কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থিত্ব লাভৰ পিছতেই বটদ্ৰৱা সমষ্টিত বিশাল ৰেলীৰে আজি আহিল সমষ্টিলৈ । নাচি বাগি আনন্দ উল্লাস দলীয় কৰ্মী সমৰ্থকে বাৰপূজিয়া চাৰিআলিৰ পৰা নিজৰ সমষ্টিলৈ আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামনী বৰাক। বটদ্ৰৱা সমষ্টিৰ বিভিন্ন প্রান্তৰ পৰা অহা দলীয় কৰ্মী সমৰ্থক সকলে ব্যাপক আনন্দ উল্লাস কৰে । নাচি বাগি নাম গুণ গায় ঢোলে দগৰে আদৰণি জনালে প্ৰাৰ্থিগৰাকীক। বটদ্ৰৱাৰ দৰে ঐতিহাসিক সমষ্টিত কংগ্ৰেছ মহাজোটৰ পৰা প্ৰাৰ্থীত্ব পায় সন্তুষ্টি প্ৰকাশ কৰিছে শিৱামনী বৰাই।
‌ বটদ্ৰৱাৰ সমষ্টিৰ অন্তৰ্গত প্ৰতিটো চুবুৰীত শিৱামনী বৰাই প্ৰাৰ্থিত্ব লাভৰ পিছত দেখা গৈছে এক উৎসৱ মুখৰ পৰিৱেশ।আগন্তুক নিৰ্বাচনত যে,বটদ্ৰৱা সমষ্টি কংগ্ৰেছৰ দখলত আহিব তাৰে প্ৰমাণ যেন আজি সমষ্টিবাসী ৰাইজৰ এই ৰেলি ।নেত্ৰী গৰাকীয়ে পোনে পোনে আহি গুৰুজনাৰ জন্মস্থান বৰদোৱা থানত প্ৰৱেশ কৰি গুৰুজনাৰ আশীষ লৈ আৰম্ভ কৰে নিৰ্বাচনী প্ৰচৰ ।
 
ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিৰ্পট ।

Leave a Reply

Your email address will not be published.