
বড়িগাঁও পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ কৃতি শিক্ষকৰ সন্মান যোৰহাট মহানগৰীৰ উপকণ্ঠৰ বড়িগাঁও পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত কুমাৰ বৰাক ৬০ সংখ্যক শিক্ষক দিৱসত যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰিছে।মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শিক্ষক দিৱসত তেওঁক এই সন্মান প্ৰদান কৰা হয়। ধেনুচোছাৰ ১৯ নং ৱাৰ্ডৰ নিবাসী বৰা প্ৰয়াত গোপাল দাস বৰা আৰু সাদৰি বৰাৰ পুত্ৰ। তেওঁৰ পত্নী কল্পনা শইকীয়া যোৰহাট গীতাৰ্থী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী । সামাজিক কৰ্মৰ লগত জড়িত শিক্ষকজনে এই সন্মান লাভ কৰাত বড়িগাঁও পাব্লিক -মধ্য ইংৰাজী বিদ্যালয়ৰ স শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা সমিতি, মাতৃ গোট আৰু স্হানীয় ৰাইজে আদৰণি জনাইছে।উল্লেখ্য, প্ৰধান শিক্ষকজনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অসম বিধান সভা প্ৰদৰ্শন কৰোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ বৰা বৰ্তমান সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি।#SRreports #htimes #assam #jorhat