0 00 1 min 4 yrs 152

 জন্মতে মানুহ বোৰ

আদিম হৈয়ে
 পৃথিৱীলৈ আহে
 এক অজানা শিহৰণত 
চিঞৰি উঠিলেও
 মানুহবোৰ তেতিয়া
 এক বৰণহীন সুখত ডুব গৈ থাকে
পোছাক নিপিন্ধালৈকে
মানুহবোৰক কোনো বৈষম্য‌ই
ঢুকি নাপায়
নেহেৰাই  হিয়াৰ অমল উচ্ছাসত
অতন্দ্ৰ প্ৰহৰী হৈ  ৰোৱা
বৰ্ণময় সময়
যেতিয়াৰ  পৰা মানুহবোৰ
ৰঙ বিৰঙৰ পোছাকৰ মাজত
মেৰখাই পৰে
তেতিয়া‌ই শ্ৰেণী বিভাজনে
মূৰ তুলি উঠে
আৰু মানুহ বোৰ হৈ পৰে
মূল্যৱান অথবা মূল্যহীন
পোছাকে বিভাজন মাতে
ৰজা-প্ৰজা,প্ৰভু-ভৃত্য,ধনী-দুখীয়া
ৰঙা,বগা, সেউজীয়া পোছাক বোৰৰ
কি যে অপাৰ মহিমা
পোছাক বোৰ সৌন্দৰ্য্যৰ অলঙ্কাৰ
পোছাকে ঢাকি ৰাখে
ক’লা,বগা শৰীৰৰ
কলুষতা আৰু অহঙ্কাৰ
যিদিনা মানুহ বোৰ পোছাক হীন হয়
সেই দিনা সকলো  একেই মানুহ
একে তেজ মঙহেৰে গঠিত
আদিম মানুহ

Leave a Reply

Your email address will not be published. Required fields are marked *