0 00 4 yrs 159
বিফলতা কঢ়িয়াই কঢ়িয়াই কিমান বাট বুলিম
হাঁহিৰে চকুলো ঢাকি
কিমান ভাওঁ দিম,
অশ্ৰুসিক্ত নয়ন লুকাবলৈ কিমান ডাঠকৈ অঞ্জন লেপিম
জীৱন নাটৰ ঢং দেখি
লাগিছে ভাগৰ
সমুখত ইমান পোহৰ
অথচ মানুহৰ মনবোৰ
ঘনঘোৰ আন্ধাৰ কিয়,
বুকুৰ অভ্যন্তৰত
বাজি উঠে বিষাদৰ গান
মনৰ সপোনবোৰ যেতিয়া দিঠকত চাকনৈয়া হৈ পৰে
দুগালেদি বৈ আহে
হৃদয় তলিৰ দুধাৰি
তপ্ত লুনীয়া স্ৰোতস্বিনী.
বন্দনা দত্ত
দেৰগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *