0 00 2 yrs 5

নীৰৱ নিমাত নিশা

মই গোপনে কথা পাতো
দুবৰিৰ সতে,
শেৱালীৰ উচুপনিত
সাৰপাই শৰৎ
মেঘৰ বুকুত তিৰবিৰাই
শুকুলা জোনাক।
মনৰ গহন বনত
উকমুকায়
এমুঠি শাৰদীয় 
প্ৰেমময় কবিতা।
বন্দনা দত্ত,নাহৰণি

Leave a Reply

Your email address will not be published. Required fields are marked *