0 00 5 yrs 155

বলিউডৰ চুপাৰ ষ্টাৰ অজয় দেৱগনৰ পিতৃ তথা স্টাণ্টমেন আৰু পৰিচালক বিৰু দেৱগনৰ যোৱা সোমবাৰ ২৭ মে দিনা দেহাৱসান ঘটে ।  ফলত মায়ানগৰী মুম্বাইত শোকৰ ছাঁ পৰে । অমিতাভ বচ্চন, চঞ্জয় দত্ত, চাহৰুখ খানকে আদি কৰি অন্যান্য অভিনেতা অভিনেত্ৰীৰ লগতে সকলো শুভাকাংক্ষীয়ে অন্তিম বাৰৰ বাবে শ্ৰদ্ধা নিবেদন কৰে । 
বিৰু দেৱগনৰ জন্ম পাঞ্জাবৰ অমৃতচৰত ১৯৩৪ চনত হৈছিল । স্টাণ্টমেন হিচাপে তেখেতৰ কেৰিয়াৰ আৰম্ভ হয় ১৯৭৪ চনত “মিষ্টাৰ নটৱৰলাল” ছবিখনৰ যোগেদি । পৰবৰ্ত্তী সময়ত তেওঁ আশী খনৰো অধিক হিন্দী ছবিত কাম কৰে । তাৰে কিছুমান হল লাল বাদশ্বাহ , ইতিহাস , প্ৰেমগন্থ , দিলৱালে ইত্যাদি ।
ইয়াৰ উপৰিয়ো তেওঁ ১৯৮১ চনৰ ক্ৰান্তি নামৰ ছবিখনত অভিনয়ো কৰিছিল । তেওঁ অভিনয় কৰা আন দুখন ছবি হল সৌৰভ আলু আৰু সিংহাসন ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৫ বছৰ আছিল ।   

Leave a Reply

Your email address will not be published. Required fields are marked *