স্নিগ্ধতাৰ পৰশ বোলাই
ৰূপোৱালী জোনৰ
বুকুৱে বগোৱা বাই
আকৌ আহিব শৰৎ।
নিয়ৰৰ মুকুটা মণিয়ে
শান্তি-সুষমাৰে
সজাব মাটিৰে সৰগ ।
ৰূপোৱালী জোনৰ
বুকুৱে বগোৱা বাই
আকৌ আহিব শৰৎ।
নিয়ৰৰ মুকুটা মণিয়ে
শান্তি-সুষমাৰে
সজাব মাটিৰে সৰগ ।
ৰ’দৰ ৰঙা জিঞাই
হেপাহতে নাছিব
আকাশ ধীয়াই।
কপহুৱা মেঘৰ আঁৰত
বেলিটো ডুব যাব অকালতে।
কঁহুৱাৰ কোমলতাত
দিনবোৰ চুটি হ’লে
শুভ্ৰ শেৱালিৰ সুৱাসত
নিশাবোৰ দীঘল হ’ব।
হেপাহতে নাছিব
আকাশ ধীয়াই।
কপহুৱা মেঘৰ আঁৰত
বেলিটো ডুব যাব অকালতে।
কঁহুৱাৰ কোমলতাত
দিনবোৰ চুটি হ’লে
শুভ্ৰ শেৱালিৰ সুৱাসত
নিশাবোৰ দীঘল হ’ব।
উছৱৰ উচাহত
প্ৰাণ পাব প্ৰতিমাই ।
শৰতৰ আগমনত প্ৰাণ পাব
মোৰ বুকুৰ কবিতাই ।।
বলিত ফুকন
টেঙাখাত
ভ্ৰাম্যভাষ: ৯৮৬৪৫৮২০৭৮
প্ৰাণ পাব প্ৰতিমাই ।
শৰতৰ আগমনত প্ৰাণ পাব
মোৰ বুকুৰ কবিতাই ।।
বলিত ফুকন
টেঙাখাত
ভ্ৰাম্যভাষ: ৯৮৬৪৫৮২০৭৮