0 00 1 min 3 yrs 153

বসন্তৰ অক্লান্ত হেঁপাহ

বুকুতে সামৰিছোঁ 
মাথোঁ পদূলিলৈ অবুজ চাৱনি 
ঠিকনা বিহীন 
প্ৰেমৰ
ঠিকনা বিচাৰ 
এক ব্যাকুল শিহৰণ জাগে মনত
নোপোৱা বেদনাৰ যন্ত্ৰণাত 
তোমাৰ গৰম উশাহত 
মই জ্বলন্ত ম’ম এডাল হ’ব বিচাৰো
বসন্ত বাৰু তোমাৰ ৰিহাৰ আঁচলখন
উতনুৱা কৰা তৰুণ সূৰ্য্য নেকি ?
 বসন্ত বাৰু ইমান যন্ত্ৰণা নে?
কাঁইটৰ আচৰ্ ত ওলোৱা
তেজ ৰঙা সূৰুযটোৰ দৰে

Leave a Reply

Your email address will not be published.