0 00 1 min 3 yrs 146

 ৰাতি সাৰে থাকোঁ

তোমাৰ কথাকে ভাবি
তোমাৰেই বেজাৰত
নুপুৱাই ৰাতি ।
ভাবো মই তোমাৰ কথাকে
ক’তে বা আছাগৈ তুমি
আহিবা কেতিয়া
আছোঁ পদূলি জুমি।
শুনিবলৈ বিচাৰো,
কুঁও কুঁও কুঁও ক’ৰবাত 
মাতিছে নেকি বাৰু।
গছ বোৰলৈ চাওঁ
কুঁহিপাত মেলিছে নেকি
অধীৰ অপেক্ষাৰে ৰৈ,
তোমাৰ বাবেই আছোঁ মাথোঁ
তোমাক আদৰিবলৈ।
ৰাজদ্বীপ শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *