0 00 1 min 4 yrs 163

বহাগ মানে মাথোঁ মাহ নহয়,

বহাগে আনে নতুনত্ব ৰ সন্ধান।
পুৰণা আৱৰণ সলাই,
নতুনত্ব সৃষ্টিত প্ৰকৃতিৰ এক
বিশেষ উন্মাদনা।।
বহাগ মানে মাথোঁ মাহ নহয়
বহাগেই হ’ল অসমীয়াৰ
প্ৰাণ,মান।।
শিপিনীয়ে তাঁতৰ শালত ৰচা
সপোনৰ চানেকি ত,
জিলিকি উঠে প্ৰিয়জনৰ ছবি।
মৰমৰ দীঘ,বানী ,হেঁপাহৰ বিহুৱান খনি,যাচি দিয়ে আশাৰে বহুত।।
নাহৰ,তগৰৰ সুৱাস
পাতৰ আঁৰত কুলিৰ কোমল মিঠা মাত,মাজ ৰাতি আকৌ
শুনো কেতেকী ৰ বিননি গীত।
এয়া বসন্তৰ জাননী।
                             কৃষ্ণাক্ষী বৰা
                               গোলাঘাট

Leave a Reply

Your email address will not be published. Required fields are marked *