বিশ্বজিৎ ডি চেতিয়া
ৰ’দফুলীয়া এজাক হাঁহি লৈ মেঘৰ মাদল বজাই সোণালী ৰথত উঠি আহে বসন্ত কোঁৱৰ।ফাগুনে পৰশা পলাশী বুকুত পূৰ্ণযৌৱনৰ স্ৰোত ঢালিবলৈ আহে ন-বৰষুণৰ জলাধাৰ।জীপাল হৈ পৰা প্ৰকৃতিয়ে কুঁহিকোমল পাত,ফুল সিঁচৰতি কৰি মেঘালী আকাশলৈ যাচে সুগন্ধি চুমা
বসন্ত বৈভৱৰ
বৈভৱৰ বসন্ত
বৈভৱৰ বসন্ত
ববচা বনৰ কেনভাচত বসন্তই আঁকে ব’হাগৰ সেউজ কলাজ।
তগৰে হাঁহে
নাহৰে নাচে
চ’তাই পৰেবতৰ কপৌপাহিয়ে ব’হাগীৰ কলডিলীয়া খোপাত গুলপীয়া বুটা বাচে।চঞ্চল কৰি ৰঙীয়াল বুকু,বাউলী হয় ৰঙীয়াল কুলিজনী।কাঁইটীয়া বননিত কেতেকীৰ সুগন্ধি সানি উন্মনা হয় নিজেই কেতেকীজনী।কপালত পূৰ্ণিমাৰ জোন আঁকি ওঁঠত বৰ্হমথুৰিৰ হাঁহি সানি ব’হাগী হয় আঁহতৰ তলৰ নাচনী।
“ম’হৰ শিঙৰ পেঁপাটো বাজি আছে
গভীৰ আন্ধাৰত পোখা মেলিছে
পোহৰৰ এমুঠি শইচে..”
(ভাৰতী গগৈ)
তগৰে হাঁহে
নাহৰে নাচে
চ’তাই পৰেবতৰ কপৌপাহিয়ে ব’হাগীৰ কলডিলীয়া খোপাত গুলপীয়া বুটা বাচে।চঞ্চল কৰি ৰঙীয়াল বুকু,বাউলী হয় ৰঙীয়াল কুলিজনী।কাঁইটীয়া বননিত কেতেকীৰ সুগন্ধি সানি উন্মনা হয় নিজেই কেতেকীজনী।কপালত পূৰ্ণিমাৰ জোন আঁকি ওঁঠত বৰ্হমথুৰিৰ হাঁহি সানি ব’হাগী হয় আঁহতৰ তলৰ নাচনী।
“ম’হৰ শিঙৰ পেঁপাটো বাজি আছে
গভীৰ আন্ধাৰত পোখা মেলিছে
পোহৰৰ এমুঠি শইচে..”
(ভাৰতী গগৈ)
ৰাইজাই হৃদয় বননি।পখিলাজাকে সুগন্ধি আবিৰ সানি আঁহতকো কৰে বসন্ত চঞ্চল।গৰখীয়াৰ বাঁহীৰ কুমলীয়া মাতত বতাহ লাগি উৰি আহে আমফুলৰ থোপা।জেতুকাবোলোৱা দুহাতেৰে ধানফুলীয়া গোন্ধ শুঙি সপোনৰ গগনাৰে সুৰ সিঁচে গামোচাৰ ভাঁজত।
“সপোন হেঁপাহৰ,সপোন মৰমৰ
হিয়াই হিয়াই হ’ব সপোনৰ চিকিমিকি
সকলোৱে হাঁহিব,আঁউসী পলাব
এদিন সপোনে ন-ঘৰ সাজিব।”
(নিৰুপজ্যোতি বৰুৱা)
হিয়াই হিয়াই হ’ব সপোনৰ চিকিমিকি
সকলোৱে হাঁহিব,আঁউসী পলাব
এদিন সপোনে ন-ঘৰ সাজিব।”
(নিৰুপজ্যোতি বৰুৱা)
ব’হাগ যৌৱনৰ এটি গান
ব’হাগ জীৱনৰ এটি গান
ব’হাগৰ সপোনৰ চিৰ উদ্বোধন
ব’হাগ জীৱনৰ এটি গান
ব’হাগৰ সপোনৰ চিৰ উদ্বোধন
প্ৰাণত গুমগুমাই তৰাফুলৰ হাঁহি,বাউলী কৰে কুঁহিপাত কুমলীয়া বুকু।ঋতুমতী হয় নদী,গছত ফুল,পানীত পদুম আৰু দিনবোৰো বৰ্ণিল।হুৰাই দি দুখৰ হালধীয়া আৱৰণ,বোৱাই আনে সৃষ্টিৰ সেউজ অমল গোন্ধ।
“ব’হাগ এটি নৱ নৱ চিন্তাৰ
সাঁচিপাত পুথিৰে পাত
ই উজ্বলাই জীৱন আকাশ..”
(ড৹ ভূপেন হাজৰিকা)
সাঁচিপাত পুথিৰে পাত
ই উজ্বলাই জীৱন আকাশ..”
(ড৹ ভূপেন হাজৰিকা)
ঠিকনাঃবৰটিং নাওশলীয়া,গোলাঘাট৭৮৫৬২৬
ফোনঃ৯১০১৮৮৯৭৭৯
ফোনঃ৯১০১৮৮৯৭৭৯