প্ৰকৃতিৰ অনুপম সময় ব’হাগ। ব’হাগৰ উন্মাদনাই অসমৰ চোতাললৈ বসন্তক আদৰে, প্ৰতিজন অসমীয়াৰ বুকুত জাগি উঠে অপাৰ আনন্দৰ জোৱাৰ। ডালে ডালে ন-কুঁহি পাত, ফলে ফুলে জাতিস্কাৰৰ পৰোভৰ। বহাগত বৰদৈচিলা আহে মাকৰ ঘৰলৈ ।শুকান নৰাত বৰষুণৰ টোপালে জিৰনি লয়। তাৰ মাদকতাতে বহাগক চিনাকি কৰি দিব বিচাৰে কথা, সুৰ,সংগীত আৰু গীতৰ মাজেৰে। সেই মিঠা মিঠা গীত বোৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ স্পন্দন হৈ বৈ আছে আদিৰ পৰা অনাদিলৈ।
……”ব’হাগ মাথো এটি ঋতু নহয়,
নহয় ব’হাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ,,—-
ডঃভূপেন হাজৰীকাৰ কথা, সুৰ সংগীতৰ এই গীতটোত অসমীয়া জাতীয় জীৱনৰ অপাৰ গৌৰৱ প্ৰকাশ বিৰাজমান।
একেদৰে “”” মিঠা মিঠা বহাগৰ গীত এটি গাওঁ বুলি……” বহাগক কন্ঠেৰে সজাই তুলিছে। একালৰ জনপ্ৰিয় কন্ঠশিল্পী ৰুবি সিংহৰ কন্ঠত ” অ মিঠা মিঠা বহাগ কিযে সপোন দেখিলি..” গীতটো জনপ্ৰিয়তাৰ শিখৰত অৱতৰণ কৰিবলৈ সক্ষম হৈছিল।
“বহাগী অ…..অ
শাওণী…” ৰুনুমী ভট্ৰাচাৰ্য আৰু ভূপেন হাজৰীকাৰ আন এটি চিৰ স্মৰণীয় গীত। যোৰা নামৰ আৰ্হিত ডেকা গাভৰুৰ আবেগ আৰু বাসনা সমিচিন ভাবে উপস্হাপন কৰিছে।
বহাগ কি?প্ৰেম কি? তাৰ যদি উত্তৰ বিছাৰো তেন্তে সংগীতা বৰঠাকুৰ কন্ঠৰ “…
বহাগ মানে কুলিৰ মাত….মৰম মানে এষাৰ মাত…”
গীতটোত তাৰ সমিধান বিছাৰি পাওঁ। সুৰৰ অপূৰ্ব মায়াজালত প্ৰতিজনেই নিজক পাহৰিব পাৰে এই গীতত।
ব’হাগৰ বা লাগি উতলামনা গাভৰুৱে খোপাত কপৌফুল গুজিবলৈ চেনাইলৈ কিমান যে অপেক্ষা …
“বহাগতে আহিবি চেনাই ঐ খোপাতে এপাহি কপৌফুল দিবলৈ—” দ্বীজেন্দ্ৰ মোহন শৰ্মাৰ কথা আৰু কুইন দাসৰ কন্ঠত জীৱন্ত হৈ উঠা এই গীতটি কাৰ বাৰু মনত সাঁচ বহুৱাব পৰা নাই !
এই বহাগকে ধিয়াই শান্তা উজীয়ে কণ্ঠ নিগৰালে ….”বহাগ আহিল বুলি কুলিয়ে বিনালে….”।
বহাগ সঁচাই ধুনীয়া বুলি মনোৰঞ্জন গগৈয়ে নকৈ থাকিব নোৱাৰিলে। অসমৰ প্ৰতিজনৰ হৃদয়ত গুনগুনাই থাকিল এই সুৰ…”
বহাগ ধুনীয়া জোনালী পৰত শুকুলা কপৌ পাহী.
চেনাই আহিব সন্ধিয়া পৰত……..”।
“ব’হাগ আহিল ঢোলৰ মাতত
ব’হাগ আহিল কুলিৰ গীতত
ব’হাগ আহিল পলাশ পাতত
ৰঙা নাহৰৰ…..” ব’হাগক কথাৰে সজালে আকৌ দ্বীজেন্দ্ৰ মোহন শৰ্মাই।সুৰ ঢালিলে হীৰেন গোঁহায়ে আৰু কণ্ঠ নিগৰালে মঞ্জুমালা শৰ্মাই।
বহাগৰ কথাক সুৰসঞ্চাৰ কৰি খ্যাতি লভিবলৈ আৰু এখোজ আগবাঢ়িল ডঃ ভূপেন হাজৰীকা। সংগীত শিল্পী লক্ষ্মীকান্ত প্যাৰিলালৰ সুৰৰ পৰশত প্ৰান পালে আন এটি গীতে …
“নৱ নৱ বহাগ আহে,
সৰু ফুলে মিচিকি হাঁহে….”।
বহাগ আৰু কপৌফুলৰ অংগাঙ্গী সম্পৰ্ক কিযে মধুৰ।
“কপৌ পাহি তোৰে খোপাত
ইমান ধুনীয়া দেখি.”….বুলি অপূৰ্ব বেজবৰুৱাই কণ্ঠ নিগৰালে। মুগা ৰিহা পিন্ধি বিহুলৈ ওলোৱা সৰু ভনীজনীৰ সৌন্দৰ্য্যক প্ৰকাশ নকৰাকৈ থাকিব পাৰি জানো! সেয়ে ৰিদীপ দত্তইও ৰিঙীয়ালে….
“
অ সৰু ভনীটি মুগা ৰিহা পিন্ধিলি, লাহতি খোপাতে কপৌফুল গুজিলি…বুলি। লগতে …”
.অ মোৰ সোন তৰামাই,
তোক আজি কিয় দেখা নাই,
বিহু গম জানু তই পোৱা নাই…..বুলি অন্তৰৰ গোপন বিলাপ প্ৰকাশ কৰিছে।
অসমৰ বিভিন্ন জন শিল্পীয়ে বৰ্তমানেও বহাগৰ সানিধ্য লভি গীতত প্ৰানঢালিছে।
বহাগ যে অসমৰ প্ৰাণৰো প্ৰাণৰ..গানৰো গানৰ…
.এই বহাগ জলন্ত তৰুণ,
এই বহাগ দুৰন্ত তৰুণ……
পপী শইকীয়া