ৰিম ঝিম কৈ অহা বৰষুণ জাকত
টোপা টোপকৈ সৰিছে
সোণাৰু হালধীয়া গান
মধুলিহৰ গুঞ্জনত
অস্ফুট সংগীতৰ সুৰীয়া তান
আলহী পখীৰ কাকলিত মিঠা ভাবৰ ব্যঞ্জনা
বিপুল সম্ভাৱনাৰ চাকনৈয়াত
ওমলিছে বসুন্ধৰা
এইয়া হেনো ব’হাগৰ আগমন
ফাগুন উতনুৱা চৰাই জাকেও
ৰিঙিয়াই কৈ গ ল
মুখত ঐনিতম এটি গুজি
ব’ হাগ আকৌ আহিছে
ঢোল পেঁপাৰ চেৱেৰে
মুখৰিত বহাগৰ পদূলি
থুনুকা মনৰ নঙলা মুখতো
বৰ্হমথুৰীয়া হাঁহি
সৰুভনীৰ দুচকুত
সাতোৰঙী সপোনৰ জিলমিলনি
বুকুত আলসুৱা মৰমৰ
এআকাশ হেপাঁহৰ জোনাক
সেয়েহে চেনেহৰ মাকো মাৰি
সৰুভনীয়ে হিয়াৰ তাতঁ শালত বৈছে
কলিজাৰ ফুলাম গামোচা
একণি দুকণিকৈ সূতা লেখি লেখি
তাতে বাছিছে উমাল বুকুৰ
লতা চানেকীয়া গুটি ফুলৰ চকা
মাজে হেঁপেহুৱা তৰাৰ বুটা
শালত আউল লগা সূতা বোৰ
চেনেহেৰে আঙুলি বুলাই
সৰুভনীয়ে উলিয়াই লৈছে
ৰাচৰ পোন বাট
ভয়, কিজানিবা হেৰাই যায়
প্ৰীতিময় হৃদয়ৰ ফুলাম গামোছাৰ আত
=======
টোপা টোপকৈ সৰিছে
সোণাৰু হালধীয়া গান
মধুলিহৰ গুঞ্জনত
অস্ফুট সংগীতৰ সুৰীয়া তান
আলহী পখীৰ কাকলিত মিঠা ভাবৰ ব্যঞ্জনা
বিপুল সম্ভাৱনাৰ চাকনৈয়াত
ওমলিছে বসুন্ধৰা
এইয়া হেনো ব’হাগৰ আগমন
ফাগুন উতনুৱা চৰাই জাকেও
ৰিঙিয়াই কৈ গ ল
মুখত ঐনিতম এটি গুজি
ব’ হাগ আকৌ আহিছে
ঢোল পেঁপাৰ চেৱেৰে
মুখৰিত বহাগৰ পদূলি
থুনুকা মনৰ নঙলা মুখতো
বৰ্হমথুৰীয়া হাঁহি
সৰুভনীৰ দুচকুত
সাতোৰঙী সপোনৰ জিলমিলনি
বুকুত আলসুৱা মৰমৰ
এআকাশ হেপাঁহৰ জোনাক
সেয়েহে চেনেহৰ মাকো মাৰি
সৰুভনীয়ে হিয়াৰ তাতঁ শালত বৈছে
কলিজাৰ ফুলাম গামোচা
একণি দুকণিকৈ সূতা লেখি লেখি
তাতে বাছিছে উমাল বুকুৰ
লতা চানেকীয়া গুটি ফুলৰ চকা
মাজে হেঁপেহুৱা তৰাৰ বুটা
শালত আউল লগা সূতা বোৰ
চেনেহেৰে আঙুলি বুলাই
সৰুভনীয়ে উলিয়াই লৈছে
ৰাচৰ পোন বাট
ভয়, কিজানিবা হেৰাই যায়
প্ৰীতিময় হৃদয়ৰ ফুলাম গামোছাৰ আত
=======