0 00 1 min 4 yrs 215

✍️ প্ৰণামিকা শৰ্মা
মোৰ হেঁপাহৰ ব’হাগ
তই মোৰ প্ৰেমৰ উমাল দুহাত
যি দুহাতেৰে সম্প্ৰীতি হৈ
মই সাবাটি ৰাখোঁ ধৰা
যি দুহাতেৰে আৱৰি ৰাখো মই
জাতিটোৰ কৃষ্টিৰ বৰপেৰা
ব’হাগ, তই যে মোৰ আশাৰ দুহাত
যি দুহাতেৰে মাকো নচুৱাই
যি দুহাতেৰে যঁতৰ ঘূৰাই
মই বৈ যাওঁ মোৰ স্বাভিমান
জাতীয় জীৱনৰ মান-অভিমান
ব’হাগ, মোৰ দেহৰ ভাঁজে ভাঁজে
লুকাই থাকে তোৰ হেঁপাহ
ঢোল পেঁপা গগনাৰ তালত 
বাৰিষাৰ ধলৰ দৰে
হেঁপাহবোৰ মোৰ চোতালৰ পৰা 
দেশৰ মঞ্চলৈ বাগৰি যায়
বাগৰি যায় বিশ্বৰ সভালৈ
বৰণীয়া কৃষ্টিৰ জয়গান হৈ
ব’হাগ তই যে মোৰ জাতিৰ উশাহ
খাটিখোৱা চহাৰ দুহাতত গজি 
সংস্কৃতিৰ বৰঘৰৰ ভেটিটি বান্ধি 
তোৰ দুকান্ধত যুগে যুগে বৈ আছ
জাতিৰ পৰিচয় যুগসাপেক্ষ হৈ
এনেকৈয়ে তই আহিবি ব’হাগ
ঋতুৰ পিছৰ ঋতু হৈ প্ৰকৃতিৰ বুকুলৈ 
কপৌ, তগৰৰ সুবাসত আহিবি তই
আহিবি ন-কুঁহিপাত হৈ
মাকোৰ খিট্ খিট্ শব্দত
অথবা বৰদৈচিলাৰ আঁচলত ওলমি 
আহিবি তই সকলো প্ৰতিকূলতা পাৰ হৈ
জাতিটোৰ জীৱনী শক্তি হৈ
থৈ যাবি সপোনৰ ৰং
দি যাবি প্ৰেমৰ দুহাত।

Leave a Reply

Your email address will not be published. Required fields are marked *