0 00 3 yrs 138

বহাগ তই বাৰু কিয়নো আহিলি?
পৃথিৱী খনি এতিয়া যে 
মহমাৰিৰ ৰুপত!
চাৰিও কাষে কেৱল আৰ্তনাদ ….
বহাগ তোকযে এই বিপদ সংকত কালত ,জেতুকা বোলোৱা দুখনী লিহিৰি হাতেৰে আদৰিবও নোৱাৰো!
নোৱাৰো তোৰ ডিঙিত বোলাব ফুলামকৈ গামোচা!
বহাগ তোকযে নোৱাবও নোৱাৰো মাহঁ ,হালধীয়ে…
মাথো তই দূৰৈত ৰৈ শুনিবি
পৃথিৱীৰ দুখ ভৰা  বিননী
!
বহাগ তই বাৰু কিয়নো আহিলি?………
               ✍🏻জ্যোৎস্না শইকীয়া।

Leave a Reply

Your email address will not be published.