0 00 5 yrs 197
২৭/০৭/২০১৯
বোকাখাতত বানে গৰকা জাপৰিপথাৰত শনিবাৰে বান সাহাৰ্য্য বিতৰণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাই ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ উদ্যোগত আৰু কেৰেলা উচ্চ ন্যায়ালয় অধিবক্তা সন্থা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সহযোগত বোকাখাত মহকুমাৰ কাজিৰঙাৰ দাঁতিকাষৰীয়া জাপৰিপথাৰ গাঁৱৰ ১৫০ টা পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে কীট নাশক দ্ৰব্য, ফেনাইল, ব্লিচিং পাউদাৰ, চাবোন, আঠুৱা আৰু বেড কভাৰ আদি বিতৰণ কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি আৰু সম্পাদকৰ সৈতে এটি ১৫ জনীয়া দলে এ এছ টি চিৰ এখন বাছেৰে আহি জাপৰিপথাৰ তিনিআলিত উপস্থিত হৈ সাতখন নাৱেৰে সাহাৰ্য সামগ্ৰীখিনি আনি জাপৰিপথাৰ কুৰুৱাবাহী প্ৰাথমিক বিদ্যালয়ত সমবেত হৈ গাঁওখনৰ ১৫০ টা পৰিয়ালক সাহাৰ্য বিতৰণ কৰাৰ লগতে শিশুসকলক পেঞ্চিল, কলম, বহী আদি বিতৰণ কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ সভাপতিগৰাকীয়ে পৰিকল্পিতভাৱে ব্ৰহ্মপুত্ৰ খনন নকৰিলে অসমৰ জনসাধাৰণে প্ৰতি বছৰেই দুৰ্ভোগ ভুগিব লাগিব বুলি মন্তব্য কৰে ৷ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰটো অধিবক্তা গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *