0 00 1 min 4 yrs 139
বিস্ফোৰণ বিস্ফোৰণ
মাথো  বিস্ফোৰণ
কিহৰ তাগিদাত ইমান বিস্ফোৰণ
বিস্ফোৰণক কি লাগে ?
বিস্ফোৰণৰ প্ৰতিবাদ কি ?
বিস্ফোৰণৰ তাণ্ডৱলীলা
আমি জানো বুজি পাইছো !
অথ’চ………………………………
আমি জানো বুজো !
কাৰ সহাৰিত বিস্ফোৰণৰ জন্ম ?
ক’ত নিৰীহ যুৱক-যুৱতী আৰু ক’ত বুঢ়া-বুঢ়ীমাক…………………
বিস্ফোৰণে বিদায় দিলে…………
আমাৰ দৃষ্টিত
ইয়াৰ নেতৃত্বাধীন কোন
আমাৰ দৃষ্টিৰ পথৰ পৰা
হঠাৎ নাইকীয়া কৰি পেলাই
আমাৰ অথ’চ……………………
মোৰ মৰমৰ মানুহবোৰ
কাৰ দৃষ্টিত সেই
মৰমৰ নিৰীহ লোকবোৰ
চকুৰ পোক আছিল
কাৰ ……………?
নীৰৱে ভাবি নেপাওঁ তাৰ পাতনি
ভাবি নেপাওঁ একো বিচাৰি
তাৰ ৰহস্যৰ খোজ…………
মৰ্মাহত হৈ পৰো মই
তাৰ গুন-গুননি শুনি
সহিব পাৰি জানো
সেই খবৰ………!
নাই নোৱাৰো
কেতিয়াওঁ সহিব নোৱাৰো
লোমহৰ্ষক ঘটনাই
কাক কি দিছে ?
কাক শান্তিৰ বাট
মোকোলাই দিছে ?
এটা প্ৰচণ্ডশব্দই
নিঃশেষ কৰা উপলব্ধিয়ে মোক
বাৰুকৈ মনত জগাই
আমনি দিয়ে
মাথো মৃত্যু
মৃত্যু মাথো মৃত্যু ।।
                
               মৰমেৰে……………………
              বাবুল চান্ নী

Leave a Reply

Your email address will not be published.