0 00 4 yrs 154

শাওন,

তুমি পৰম পবিত্ৰ আৰু শ্ৰীময়ী,
তুমি নজনাকৈ আমাৰ দিনবোৰ
আৰম্ভ হয় তোমাৰ সৈতে |
তোমাৰ পলসুৱা গাল দুখনিত
বাৰে বাৰে চুমা দিব মন, 
তোমাৰ সৈতে শুদা ভৰিৰে
বোকা দকচি পাৰ্কত ফুৰিব মন |
তোমাৰ আচল নাম কি 
মই বাৰু নাজানো,
মোৰ বাবে তুমিয়ে 
সোন বৰণীয়া ধান, আৰু মৰমৰ মাটি |
তোমাক দেখাৰ পৰাই
মোৰ ব্যস্ততা আৰম্ভ হৈছে, 
পুৱাৰ পৰা নিশালৈকে মাথো 
তোমাৰ কথাকে ভাবো |
তোমাৰ নম্বৰটোও লোৱা নহল
মাথোঁ অপেক্ষাৰত,
এইবাৰো কোৱা নহল কথাবোৰ
মই কিমান মৰম কৰো তোমাক |
মৰম বোৰ ছাগে
সেউজীয়াৰ নিচিনা হব, 
নিভাজ নিলাজ আৰু 
অপ্ৰিয় হৈয়ো প্ৰিয়ৰ দৰে |
তোমাৰ সোনালী ৰঙতে
মোৰ জীৱনৰ ৰং চৰে,
তুমি দি যোৱা ধনৰে
মোৰ পেটৰ ভাত চলে |
তুমি ছাগে বৰ ধনী কিম্বা দয়ালু
মৰমবোৰ আমাৰ বাবে সাঁচি ৰখা, 
কিন্তু তহঁতক পোৱাই আকৌ
আমাৰ ছয় মহীয়া দীৰ্ঘ তপস্যা |
বিজু ভকত, ধুবুৰী

Leave a Reply

Your email address will not be published. Required fields are marked *