বৰ্তমান সময়ত পশ্চিমীয়া অৰ্দ্ধ নগ্ন সংস্কৃতিয়ে আমাক দিনক দিনে পঙ্গু কৰি পেলাইছে | যাৰ ফলত সত্য, শুদ্ধ, সততাৰ দিশৰ পৰা আঁতৰি গৈ কুসংস্কৃতি বোৰ আমি আঁকোৱালি লৈছোঁ| কিন্তু গুৰুজনাই আমাক ৫০০ বছৰ আগতেই সু-সংহত এক বিজ্ঞান সন্মত পৰিবেশ আমাক ৰচনা কৰি দি গৈছে | পশ্চিমীয়া নগ্ন সাজ-পাৰৰ পৰিৰ্ৱতে শুদ্ধ বস্ত্ৰৰে মানুহৰ মাজত সমতাৰ ভাৱ জগাই তুলিছিল | অশ্লীল চিত্ৰৰ পৰিৰ্ৱতে সৃষ্টি কৰিছিল সৃজনীশীল লীলা যাত্ৰা মহোৎসৱ | য’ত আছিল প্ৰেম, কৰুণা, দয়া আৰু বন্ধুত্ব |
আজিও আমি সেই একেখিনি গুৰুজনাৰ মহৎ পথৰে গতি কৰা উচিত| আমাৰ সাজ-পাৰৰ ক্ষেত্ৰত আমি সজাগ হোৱা উচিত | মাৰ্জিত পোছাক পৰিধান কৰিলেহে মনলৈ ভক্তি ভাৱ, প্ৰেম ভাৱ, দয়া ভাৱ, ক্ষমা ভাৱ আহিব পাৰে |
আজিও আমি সেই একেখিনি গুৰুজনাৰ মহৎ পথৰে গতি কৰা উচিত| আমাৰ সাজ-পাৰৰ ক্ষেত্ৰত আমি সজাগ হোৱা উচিত | মাৰ্জিত পোছাক পৰিধান কৰিলেহে মনলৈ ভক্তি ভাৱ, প্ৰেম ভাৱ, দয়া ভাৱ, ক্ষমা ভাৱ আহিব পাৰে |
•জগতগুৰু হিচাপে শংকৰদেৱ :
“পণ্ডিত মানী / বেদ বখানি/ গৰব কৰলি সৱ চুৰষ | গীত কবিত্ব গুণ / শংকৰদেৱৰ / কীৰিতি গয়ে বহুদূৰ ||”
“শ্ৰীমন্ত শংকৰ পাৰ ভাঙি দিলা বহে ব্ৰক্ষ্মাণ্ডক ভেদি |”
“হৰি ভকতিৰ পাতিলন্ত হাট শংকৰ জগত জুৰি |”
“শ্ৰীমন্ত শংকৰ পাৰ ভাঙি দিলা বহে ব্ৰক্ষ্মাণ্ডক ভেদি |”
“হৰি ভকতিৰ পাতিলন্ত হাট শংকৰ জগত জুৰি |”
এটা সময়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ‘জগতগুৰু’ আছিল | গোটেই ভাৰতবৰ্ষতে তেখেতৰ খ্যাতি বিৰাজ কৰিছিল কিন্তু এতিয়া গুৰুজনাক আমি জগত গুৰু বুলিব পৰা হৈছোঁ জানো?
শংকৰদেৱক জগতগুৰু ৰূপত পুনৰাই প্ৰতিষ্ঠা কৰিবলৈ তেওঁৰ গুণগ্ৰাহীসকলে তলত দিয়া কামবোৰ কৰিব পাৰোঁ,
1. তেওঁৰ মহান জীৱনৰ কথা ইংৰাজী আৰু হিন্দী ভাষাত কব লাগিব |
2. আধুনিক উপন্যাস ৰচনা কৌশল, চলচ্চিত্ৰ, দূৰদৰ্শন, আধুনিক দৃশ্য শ্ৰাব্য মাধ্যম আদিৰ আশ্ৰয় লব পাৰি |
3. শংকৰী সংস্কৃতিৰ গভীৰ চৰ্চা আৰু অনুশীলন যোগেদি শিল্পী হিচাপে তেওঁৰ মাহাত্ম্য চৌদিশে প্ৰচাৰ কৰিব পাৰি |

•হৰি ভক্তি আৰু ব্যৱসায় :
1. সত্ৰ আৰু নামঘৰৰ সৈতে জড়িত চিন্তাশীল ব্যক্তি সকলে সংস্কৃতিৰ মাজেদি অৰ্থনৈতিক স্বাৱলম্বীতাৰ কথাও চিন্তা কৰিব লাগে| শংকৰদেৱৰ সংস্কৃতি সাধনৰ সৈতে, বিশেষকৈ সত্ৰীয়া নৃত্য আৰু ভাওনাৰ সৈতে জড়িত সাজ-পোছাক, আ-অলংকাৰ, মুখা, প্ৰসাধন আদি প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰি এখন স্হানীয় বজাৰ অসমত গঢ়ি তুলি যুব সমাজক স্বাৱলম্বী কৰিব পাৰি |
2. আজিৰ চিন্তাশীল যুৱচামে তেওঁলোকৰ সাজ-পোছাকত পশ্চিমীয়া চিত্ৰপট কিছুমান ব্যৱহাৰ কৰাৰ বিপৰীতে বৃন্দাবনী বস্ত্ৰৰ চিত্ৰপট, সত্ৰীয়া সাংস্কৃতিৰ সৈতে জড়িত বিভিন্ন নাচ, শিল্প, ভাস্কৰ্য, আৰ্হি আদিৰ চিত্ৰপট ব্যৱহাৰ কৰি নতুন বয়ন শিল্পৰ বজাৰ গঢ়ি তুলিলে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ উপৰিও স্হানীয় সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰতো ভাগ ল’ব পাৰি |
3. পামখেতি, মাছ পালন, গাখীৰ উৎপাদনৰ বাবে গৰু, মহ, ছাগলী আদি পোৱাহ, কুঁহিয়াৰ আৰু ফলমূলৰ খেতি কৰা, জলাশয় ঠাইবোৰত বতৰ উপযোগী খেতি কৰা, বয়ন শিল্পৰ কেন্দ্ৰ গঢ়ি তোলা, মুখা আৰু ভাওনাকেন্দ্ৰীক সা-সৰঞ্জাম নিৰ্মাণ কেন্দ্ৰ তৈয়াৰ কৰা আদি অৰ্থনৈতিক কাৰ্যসূচী সত্ৰ বা নামঘৰ চৌহদত বা সংৰক্ষিত ভূমিত ৰূপায়ণ কৰিব পাৰি |
সেৱাৰে-
বিজু ভকত, ধুবুৰী
“অপৰাধ বিনাশন তযু নামে নাৰায়ন”