0 00 4 yrs 165
নৈ পাৰত আবেলি পৰত
নিজান মনে বহি,
কিনু চাই আৰু কিনু ভাৱে বাৰু
মহ লগা মনপাহী।
ৰূপ লাৱণ্যৰ নাই যে সীমা
সুঘ্ৰান অধিকাৰ,
ৰঙা উঠ দুটি সেন্দুৰ বৰণ
আলোড়ন সৃষ্টি কাৰী।
বৰ্ণাৱ নোৱাৰি ৰূপৰ আকাৰ
মনে মনক সুন্দিয়াই,
কাৰ বাবে জন্মিলা ধৰাত
দেৱতুল্ল বৰ পাই।
এনেদৰে তাই নৈ পাৰত
আহে আৰু ঘুৰি যায়,
কিন্তু তাইৰ মনৰ কথা
কোনোও বুজি নেপাই।
                                  

Leave a Reply

Your email address will not be published. Required fields are marked *