পানীয়ে প্ৰাণ বুলি কথা এষাৰ আছে। কিন্তু বিশুদ্ধ পানী নামত কিছু কোম্পানীয়ে জনসাধাৰনক বিক্ৰী কৰিছে কি ?বোকাখাতৰ বজাৰত বিশুদ্ধ পানীৰ বটলত ওলাল জীৱন্ত মকৰা।- বোকাখাতৰ বজাৰত ওলাল মকৰা।কিন্তু কোনো জলাশয় বা পথােত নহয়, মকৰা ওলাল বিশুদ্ধ পানী বটলৰ ভিতৰত। SPLASH নামৰ কোম্পানীটোৰ সম্পূৰ্ণ বন্ধ বটলৰ ভিতৰত ওলাল মকৰা। বোকাখাতৰ এখন পান দোকানৰ পৰা এখন যুৱকে তৃষ্ণা দূৰ কৰিবলৈ ক্ৰয় কৰিছিল spash কোম্পানীৰ পানী বটলটো, বটলটোৰ সাফৰ খুলিবলৈ লওঁতেই দেখা পায় বটলৰ ভিতৰত কিবা এটা বস্তু। ভালকৈ চাই দেখে যে বটলত এটা জীৱন্ত মকৰা। পানী বটলৰ ভিতৰত মকৰা ওলোৱা ঘটনা লগে লগে বিয়পি পৰে। স্থানীয় যুৱক জনে spalsh কোম্পানী টোৰ বিৰুদ্ধে বোকাখাত থানাত এজাহাৰ দাখিল কৰিছে। যোগান বিভাগৰ চকুত ধূলি দি কিছুমান তথাকথিত কোম্পানীয়ে জনসাধাৰণক পানীৰ নামত বৰবিহ খোৱাই মৃত্যুৰ মুখলৈ ঠেলি দিছে। এনে ধৰণৰ কোম্পানী সমূহৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব।
পপী শইকীয়া
বোকাখাত
বোকাখাত