0 00 1 min 4 yrs 178
এটি হাঁহি
সুৰুযমুখী
তুলি লৈ মুঠি মুঠি সুগন্ধি ছন্দ
দুহাত হয় সদা বৰ্ণিল
কোনে দিলে ঢালি
ইমান সেউজীয়া
গজে য’ত ভ্ৰূণ
সদা স্থিৰ হৈ থাকিব পৰাকৈ..
আঙুলিৰ ঠাঁৰত নাচি
নৰ্তক পৃথিৱী
এচোতাল জোনাকত
তৰাফুলাৰ সাধু শুনি
তমসাচ্ছন্ন পদূলি হয় দীপ্তিমান
নঙলা খুলি দূবৰিয়ে চেলেং পাৰে
সুৰসুৰাই সোমাই আহে
একাঁথি দুকাঁথিকৈ
গেঁৰ ধৰা ধানৰ সুগন্ধি…

Leave a Reply

Your email address will not be published. Required fields are marked *