0 00 1 min 4 yrs 211

বিষাদী প্ৰেমৰ গাথা

মোৰ হৃদয়ৰ সোমাঁজত
তুমি নামৰ এক অজান অনুভবে,
বাৰে বাৰে অগাডেৱা কৰে আহি!
কিয় বাৰু?
নে এয়া, তোমাৰ বাবে 
মোৰ মনত নিষ্পেষিত হোৱা একপক্ষীয় প্ৰেম!!!
হবও পাৰে।
কেতিয়াবা মোৰ মন আকাশৰ নীলাখিনি ভেদি
উৰি যোৱা তুমি দূৰ-দিগন্তলৈ
কেতিয়াবা মোৰ মন দাপোণত ধৰা দিয়া তুমি,
এটি সাথঁৰ সাথঁৰ লগা স্পন্দন জগাই!
নে এয়া এক বিষাদী প্ৰেমৰ গাথা?
যাৰ বাবে তোমাৰ সেই ছন্দময়ী হাঁহিটোৱেও চোন,,,
মোৰ মনত সৃষ্টি কৰে এক অপ্ৰকাশিত বিষাদৰ!
বাৰু, ভাৰ্চুৱেল পৃথিৱী খনে উপহাৰ দিয়া 
তুমি মোৰ বাবে সদায়ে হৈ ৰবা
এক অপ্ৰকাশিত বিষাদী প্ৰেমৰ গাথা!!!
               ✍সবিতা শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *