0 00 1 min 5 yrs 125
                                 

                                   লখিমী মহন্ত
                                  ফোঃ৯৪৩৫৭০৩১১৩

      বহাগ মানেই অসমীয়া নতুন বছৰৰ উলহ মালহৰ এটা সময়, যি সময়ত সদৌ অসমবাসী উৎফুল্লিত হৈ নতুন বছৰক আদৰাৰ মানসেৰে প্ৰস্তুত হয় ।য’ত থাকে মানুহৰ সমভাৱ ।ধনী দুখীয়া, উচ্চ-নীচৰ ভেদভাৱ পৰিহাৰ কৰি একতাৰ ডোলেৰে বান্ধ খোৱা এটা পৰ্ব য’ত থাকে মৰম, স্নেহ আৰু সন্মানৰ অপূৰ্ব পোহাৰ ।
          ফাগুন মাহ সোমোৱাৰ পিছৰ পৰাই বসন্তক আদৰাৰ পৰিৱেশ সৃষ্টি হয় আৰু আঁহতৰ কুঁহি-কোমল পাতৰ পৰা কুলি কেতেকীৰ মিঠা মাত আদিয়ে প্ৰকৃতিৰ বুকুত বিৰাজ কৰি বসন্তৰ আগজাননী দিয়ে।
        ফাগুন চ’তৰ হাবি জংঘলবিলাকেও দাঢ়ি চুলি, নখ কাটি চাফা হোৱাৰ দৰে নিকা হৈ পৰে আৰু কুঁহি-কোমল পাতৰে পোখা মেলি বিহুৰ বাবে সাজু হৈ উঠে। এই সময়ছোৱাত মানুহৰ মনত জেতুকা ৰংঙৰ নিচিনাকৈ ফূৰ্তি – তামাচাৰ ভাৱ আনি আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে।
        আগৰ দিনত ঢেঁকীৰ মাত, ঢোলৰ মাতে বহাগৰ আগজাননী দিয়ে যদিও বৰ্তমান সময়ত সেইয়া নহ’লেও প্ৰকৃতিয়ে যিকোনো প্ৰকাৰে হ’লেও মানুহক বসন্তক আদৰিবলৈ উৎসাহ উদ্দীপনা যোগায়। অৱশ্যে সুন্দৰ মনেৰে সেইয়া অনুভৱ কৰিব পৰা ব্যক্তিসকলেহে ইয়াৰ সোৱাদ ল’ব পাৰে। আমি সকলোৱেই কোনো এটা উৎসাহমূলক কামত যোগদান দিওঁতে সদায় অন্তৰৰ পৰা যেনেদৰে উৎসাহিত হওঁ তেনেদৰে বৰ্তমান কংক্ৰিত জগততো বিহু আদিৰ দৰে উৎসৱসমূহত মানুহৰ মনৰ উৎসাহৰ প্ৰয়োজন হয়। অৱশ্যে গছ লতিকাৰ সংখ্যাও আগতকৈ কমি আহিছে।
চহৰৰ সংখ্যা বঢ়াৰ লগে লগে আজিৰ নতুন প্ৰজন্ম আগৰ সোণসেৰীয়া উৎসৱসমূহৰ লগতে পৰিৱেশৰ পৰা বঞ্চিত হৈছে। আগৰ যুগত গৃহস্থই নিজেই গৰখীয়াৰ লগত লগ লাগি পোহনীয়া গৰু নদী, খাল, বিলত নুৱাই ধুৱাই গৰু বিহু পালন কৰে, কিন্ত্ত বৰ্তমান সময়ত সেইবোৰ ছ’ছিয়েল মিডিয়া বা ছবিতহে নতুন প্ৰজন্মই দেখা পাইছে। ই বৰ পৰিতাপৰ বিষয়। আমি নগৰৰ পৰিৱেশত থাকিলেও যদিহে কিছুমান পৰ্ব পালনৰ ক্ষেত্ৰত গাঁৱলৈ গৈ সেই পৰিৱেশৰ লগত নতুন প্ৰজন্মক চিনাকি কৰাই দিব নোৱাৰোঁ তেন্তে আমাৰ মাজৰ পৰা বহু বস্তুৱেই হেৰাই যোৱাৰ উপক্ৰম হ’ব। সেয়ে সকলোবিলাক ধৰি ৰখা সম্ভৱ নহ’লেও যৎকিঞ্চিত হ’লেও ধৰি ৰাখিব পাৰিলেহে আমাৰ ঐতিহাসিক পৰম্পৰাসমূহ ভৱিষ্যতে জীয়াই থাকিব বুলি আশা কৰিব পাৰি। তেতিয়াহে অসমীয়া জাতি এটা শক্তিশালী জাতি হৈ থাকিব।
      – – – – – – – – – 0 – – – – – – –

Leave a Reply

Your email address will not be published. Required fields are marked *